চিটাৰা ডেস্ক, 6 ফেব্ৰুৱাৰী:বলীউডৰ প্ৰবীণ অভিনেতা পৰেশ ৰাৱাল সন্দৰ্ভত ডাঙৰ খবৰ (Paresh Rawal news) ৷ বিতৰ্কত সোমাই পৰা অভিনেতা তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা পৰেশ ৰাৱালে কলকাতা উচ্চ ন্যায়ালয়ৰ পৰা সকাহ পাইছে । বিগত বছৰৰ 29 নৱেম্বৰত গুজৰাট বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাঙালী সম্প্ৰদায়ৰ ওপৰত কৰা মন্তব্যৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছিল তেওঁ ৷ কলকাতা আৰক্ষীয়ে চমন জাৰি কৰিছিল অভিনেতাজনক ৷ বঙালী সম্প্ৰদায় সন্দৰ্ভত দিয়া বক্তব্যৰ বাবে কলকাতা আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল । এতিয়া আদালতে শুনানিৰ সময়ত তেওঁক ডাঙৰ সকাহ দিছে আৰু তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ খাৰিজ কৰিছে ।
আপোনালোকক জনাওঁ যে কলকাতা আৰক্ষীয়ে বলীউডৰ অভিনেতা পৰেশ ৰাৱালক শেহতীয়াকৈ বঙালীক লৈ কৰা মন্তব্যৰ বাবে চমন জাৰি কৰিছিল । এজন জ্যেষ্ঠ বিষয়াই এই তথ্য দিছিল । তেওঁ জনোৱা মতে, গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা এক মন্তব্যৰ সন্দৰ্ভত 60 বছৰীয়া অভিনেতা গৰাকীক 12 ডিচেম্বৰত তালতলা থানালৈ জেৰাৰ বাবে মাতি অনা হৈছিল (Paresh Rawal on Bengali community ) । বাঙালীয়ে মাছ খোৱা সন্দৰ্ভত দিয়া বক্তব্যৰ বাবে কলকাতা আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয় ।