চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী :হলীউডৰ এক্সন তাৰকা ব্ৰুছ উইলিছ চিকিৎসা কৰিব নোৱাৰা ডিমেনচিয়াত আক্ৰান্ত বুলি ধৰা পৰিছে (Bruce Willis health condition) । ব্ৰুছৰ পৰিয়ালে শ্বেয়াৰ কৰা স্বাস্থ্যৰ আপডেট অনুসৰি অভিনেতা গৰাকীৰ ফ্ৰন্টটেম্পৰেল ডিমেনচিয়া ধৰা পৰিছে (Bruce Willis frontotemporal dementia) । ব্ৰুছৰ পৰিয়ালে প্ৰায় এবছৰ আগতেই অভিনেতা জনে ছবিত কাম নকৰাৰ কথা ঘোষণা কৰিছিল । ব্ৰুছৰ স্বাস্থ্যৰ আপডেট বৃহস্পতিবাৰে পৰিয়ালটোৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰে ।
2022 চনৰ মাৰ্চ মাহত ব্ৰুছৰ এফাছিয়া ৰোগ ধৰা পৰিছিল । ইয়াৰ পিছতেই পৰিয়ালটোৱে তেওঁ ছবি জগতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল (Bruce Willis diagnosed with FTD) । অভিনেতাজনৰ স্বাস্থ্যৰ বিষয়ে আপডেট শ্বেয়াৰ কৰি, পৰিয়ালটোৱে প্ৰকাশ কৰিছিল যে ব্ৰুছ ফ্ৰণ্টটেম্পোৰেল ডিমেনচিয়া (FTD)ত আক্ৰান্ত বুলি জানিবলৈ পোৱাটো "বেদনাদায়ক", যিহেতু এই বেমাৰটোৰ কোনো চিকিৎসা নাই (Bruce Willis health updates) ।