চিটাৰা ডেস্ক, 12 এপ্ৰিল :গায়িকা ব্ৰিটনী স্পীয়াৰ্ছ সম্প্ৰতি সন্তান সম্ভৱা(Britney Spears pregnancy) ৷ ভাবী স্বামী ছেম এছগাৰী এই সন্তানৰ পিতৃ । মঙলবাৰে ব্ৰিটনীয়ে তেওঁৰ অনুৰাগীসকলৰ সৈতে ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰিলে এই ভাল খবৰটো । 2016 চনত এটা মিউজিক ভিডিঅ’ত সহ-অভিনয়ৰ সময়ত ব্ৰিটনী স্পীয়াৰ্ছ আৰু ছেম এছগাৰীৰ পৰিচয় ঘটিছিল (Britney Spears Sam Asghari baby) ৷
গায়িকা ব্ৰিটনী স্পীয়াৰ্ছ প্ৰাক্তন স্বামী কেভিন ফেডাৰলাইনৰ সৈতে দুটাকৈ পুত্ৰ সন্তান ছিন আৰু জেডেনৰ মাতৃ ৷ পূৰ্বতে গৰ্ভধাৰণ কৰা ব্ৰিটনীয়ে লগতে কৈছে যে এইবাৰৰ গৰ্ভধাৰণ প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে ৷ কিয়নো তেওঁ আগতে পেৰিনেটাল হতাশা অনুভৱ কৰিছিল ।