চিটাৰা ডেস্ক, 17 জুলাই :অৱশেষত অপেক্ষাৰ অন্ত পৰিল ! মুক্তি লাভ কৰিলে ব্ৰহ্মাস্ত্ৰৰ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ অভিনীত ৰোমান্টিক গীত 'Kesariya' (Brahmastra song Kesariya out)। সদ্য মুক্তিপ্ৰাপ্ত গীতটোত আলিয়া আৰু ৰণবীৰক এক ৰোমান্টিক দৃশ্যত দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে, মাৰ্চ মাহত বাৰাণসীত শ্বুটিং সম্পন্ন কৰা হৈছিল মিউজিক ভিডিঅ’টোৰ(Brahmastra song Kesariya) ।
প্ৰীতমৰ ৰচিত, অমিতাভ ভট্টাচাৰ্যৰ পৰিচালনা আৰু অৰিজিৎ সিঙে কণ্ঠদান কৰা এই গীতটোৰ টিজাৰে ইতিমধ্যে দৰ্শকে বিপুল সঁহাৰি লাভ কৰিছে । ইফালে, তেলুগু আৰু তামিল ভাষাত গীতটিত কন্ঠদান কৰিছে সিদ শ্ৰীৰামে । ১৪ এপ্ৰিলত আলিয়া আৰু ৰণবীৰৰ বিবাহৰ পূৰ্বে ব্ৰহ্মাস্ত্ৰৰ গীতটোৰ টিজাৰ শ্বেয়াৰ কৰিছিল । তেতিয়াৰ পৰাই Kesariya গীতটোৱে সামাজিক মাধ্যমত ভীষণ জনপ্ৰিয়তা লাভ কৰিছিল(Ranbir Alia kesariya song) ।
ইয়াৰ পূৰ্বে আয়ানে নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে গীতটোক লৈ নিজৰ আগ্ৰহ শ্বেয়াৰ কৰিছিল । তেওঁ গীতটোৰ এটা ভিডিঅ’ পোষ্ট কৰিছিল, য’ত অনুৰাগীৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল, আৰু লগতে লিখিছিল যে, তেওঁলোকে প্ৰথমাৱস্থাত ছবিখনৰ প্ৰথমটো গীত শিৱ (ৰণবীৰৰ চৰিত্ৰ)ক কেন্দ্ৰ কৰি হোৱাটো বিচাৰিছিল । কিন্তু কেছৰিয়াৰ টিজাৰটোৰ বাবে ইমানেই জনপ্ৰিয়তা লাভ কৰিছিল যে, নিৰ্মাতাসকলে প্ৰথমে ইয়াক ৰিলিজ দিয়াৰ সিদ্ধান্ত লৈছিল ।