চিটাৰা ডেস্ক, 27 জুন: ৬০ৰ পৰা ৮০ৰ দশকত বহুতো ছুপাৰহিট গীত উপহাৰ দিছিল আৰ ডি বৰ্মনে । বলীউড জগতত তেওঁক সকলোৱে মৰমেৰে পঞ্চম দা বুলি অভিহিত কৰিছিল ৷ তেওঁৰ সম্পূৰ্ণ নাম আছিল ৰাহুল দেৱ বৰ্মন ।
আৰ ডি বৰ্মন সংগীতৰ বাবে যিমানেই বিখ্যাত আছিল, কণ্ঠস্বৰৰ বাবেও তেওঁ সমানেই পৰিচিত আছিল । আজি ২৭ জুন অৰ্থাৎ তেওঁৰ পঞ্চম দাৰ ৮৪ সংখ্যক জন্ম বাৰ্ষিকী । সেয়ে তেওঁক স্মৰণ কৰাৰ উদ্দেশ্যে আমি আপোনালোকৰ বাবে লৈ আহিছো তেওঁৰ কিছুমান ছুপাৰহিট গীত, যাক শুনি আপোনালোকেও সেই সোণোৱালী অতীতলৈ আকৌ ঘূৰি যাব পাৰিব ।
ন বছৰ বয়সত প্ৰথম গীতটো ৰচনা কৰিছিল
১৯৩৯ চনৰ ২৭ জুনত কলকাতাত জন্মগ্ৰহণ কৰিছিল আৰ ডি বৰ্মনে । একেৰাহে তিনিটা দশক হিন্দী চিনেমাত আধিপত্য বিস্তাৰ কৰা আৰ ডি বৰ্মনে ৩৩১খন ছবিত নিজৰ সংগীতেৰে সজাই তুলিছিল । আৰ ডি বৰ্মনৰ পিতৃ শচীন দেৱ বৰ্মন আছিল বলীউডৰ অন্যতম মহান সংগীত সুৰকাৰ । সৰুৰে পৰা আৰ ডি বৰ্মনৰ সংগীতৰ প্ৰতি বৰ আকৰ্ষণ আছিল । পঞ্চম দাৰ বয়স যেতিয়া মাত্ৰ ন বছৰ আছিল, তেতিয়া তেওঁ প্ৰথমটো গীত ৰচনা কৰিছিল । তেওঁ ৰচনা কৰিছিল ‘এ মেৰি টপি পলাত কে আ ।’
প্যাৰ হামে কিচ মৌড় পে লে আয়া (Pyaar Hame Kis Mod Pe Le Aaya)
সত্তে পে সত্তা চিনেমাৰ ‘প্যাৰ হামে কিচ মৌৰ পে লে আয়া’ গীতটি কণ্ঠদান কৰিছে সপন চক্ৰৱৰ্তী আৰু কিশোৰ কুমাৰে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমিতাভ বচ্চন, হেমা মালিনী, আমজাদ খান, শক্তি কাপুৰ, শচীন তথ্য অন্যান্য ।
'ৰিমঝিম গিৰে সাৱন'(Rimjhim Gire Sawan)