চিটাৰা ডেস্ক, ৩ আগষ্ট:বুধবাৰে নিজৰ ষ্টুডিঅ’ৰ ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল বলীউডৰ বিশিষ্ট কলা নিৰ্দেশক নীতিন চন্দ্ৰকান্ত দেশাইৰ মৃতদেহ ৷ কলা নিৰ্দেশক মৃত্যুত শোক প্ৰকাশ কৰিছিল সমগ্ৰ বলীউডে ৷ দেশাইৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও কোৱা হৈছে যে আৰ্থিক সংকটত যুঁজি আছিল ৷ অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ ইফালে বুধবাৰে চাৰিজনীয়া এটা চিকিৎসকৰ দলে সম্পন্ন কৰে দেশাইৰ মৰণোত্তৰ পৰীক্ষা ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তথ্য অনুসৰি মৃত্যুৰ কাৰণ চিপ লোৱা বুলিয়ে উল্লেখ কৰে ৰায়গড় আৰক্ষীয়ে ৷
ৰায়গড় আৰক্ষীয়ে কয়, "কলা নিৰ্দেশক নীতিন দেশাইৰ মৰণোত্তৰ পৰীক্ষা চাৰিজনীয়া চিকিৎসকৰ এটা দলে সম্পন্ন কৰিছে । প্ৰাথমিক ফলাফল অনুসৰি, মৃত্যুৰ কাৰণ হৈছে ফাঁচী । পৰৱৰ্তী তদন্ত চলি আছে।" ইয়াৰ পূৰ্বে কলা নিৰ্দেশক নীতিন দেশাইৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে খালাপুৰ আৰক্ষীয়ে জে জে চিকিৎসালয়লৈ লৈ আহিছিল ।
বুধবাৰে আৰক্ষীয়ে জনোৱা অনুযায়ী, নীতিন দেশাইক মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ তেওঁৰ ষ্টুডিঅ’ত মৃত অৱস্থাত পোৱা গৈছিল । দেশাইৰ মৃতদেহ মুম্বাইৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ বাহিৰত কাৰজাত থকা তেওঁৰ এন ডি ষ্টুডিঅ’ত ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল । মহাৰাষ্ট্ৰৰ বিধায়ক মহেশ বলদীয়ে কৈছিল যে প্ৰসিদ্ধ কলা নিৰ্দেশকগৰাকী বিত্তীয় চাপত ভুগি আছিল । তেওঁ আৰ্থিক চাপত আছিল, যাৰ ফলত তেওঁ হয়তো তেওঁ হয়তো এই চৰম পছ বাছিল লৈছে ৷
ৰায়গড়ৰ আৰক্ষী অধীক্ষক (এছপি) সোমনাথ ঘৰগেয়ে কয়, "তেওঁৰ পৰিয়ালৰ সদস্যই আমাক কৈছে যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া এন ডি ষ্টুডিঅ’ত কৰা হ’ব । তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জে জে চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।’’