চিটাৰা ডেস্ক, ৩ জানুৱাৰী: দেশত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । কেৱল সাধাৰণ মানুহেই নহয়, চিনেমা জগতৰ বহু অভিনেতাসকলো ইয়াৰ বলি হৈছে । প্ৰৱঞ্চকে প্ৰতাৰণা কৰিবলৈ প্ৰতিদিনে ন ন কৌশল অৱলম্বন কৰিছে । শেহতীয়াকৈ সেনা বিষয়াৰ নাম লৈ এজন প্ৰৱঞ্চকে বলীউডৰ অভিনেতা ৰাকেশ বেদীৰ পৰা ৮৫ হাজাৰ টকাৰ প্ৰৱঞ্চনা কৰে । এই গোচৰ মাৰ নৌযাওঁতেই এতিয়া অনলাইন প্ৰৱঞ্চনাৰ বলি হ’ল অভিনেত্ৰী অঞ্জলি পাটিল ৷ ‘পাৰ্চেলত ড্ৰাগছ আছে’ বুলি কৈ অভিনেত্ৰীগৰাকীৰ পৰা প্ৰৱঞ্চকে লুটি নিলে লাখ লাখ টকা ৷
৫.৭৯ লাখ টকাৰ জালিয়াতি
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰৱঞ্চকটোৱে অভিনেত্ৰীগৰাকীৰ পাৰ্চেলত ড্ৰাগছ আছে বুলি কৈ ৫.৭৯ লাখ টকা প্ৰতাৰণা কৰে । কেৱল এয়াই নহয়, তিনিটা বেংক একাউণ্টত ধন সৰবৰাহৰ গোচৰতো অঞ্জলিক জড়িত কৰিছিল । খবৰ অনুসৰি, ২৮ ডিচেম্বৰত অভিনেত্ৰীগৰাকীলৈ অজ্ঞাত নম্বৰৰ পৰা এটা ফোন কল আহিছিল, যিয়ে নিজকে ফেডএক্স কুৰিয়ৰ কোম্পানীৰ কৰ্মচাৰী দীপক শৰ্মা বুলি পৰিচয় দিছিল । প্ৰৱঞ্চকটোৱে অঞ্জলিক কয় যে তেওঁৰ নামত টাইৱানলৈ যোৱা এটা পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে, যাৰ বাবে পাৰ্চেলটো শুল্ক বিভাগে জব্দ কৰা বুলি কয় ।
আধাৰ কাৰ্ডৰ কপি উদ্ধাৰ হোৱা বুলি দাবী
ডি এন নগৰ থানাত দাখিল কৰা প্ৰতিবেদন অনুসৰি, পাৰ্চেলৰ ভিতৰত অভিনেত্ৰীগৰাকীৰ আধাৰ কাৰ্ডৰ কপি উদ্ধাৰ হোৱা বুলি দাবী কৰিছিল প্ৰৱঞ্চকটোৱে । আৰক্ষীৰ প্ৰতিবেদনত দাখিল কৰা এজাহাৰ অনুসৰি প্ৰৱঞ্চকটোৱে অভিনেত্ৰীগৰাকীক কয় যে তেওঁৰ আধাৰ কাৰ্ডৰ অপব্যৱহাৰ হৈছে । ইয়াৰ পিচত প্ৰৱঞ্চকটোৱে অভিনেত্ৰীগৰাকীক এই বিষয়ত মুম্বাইৰ অপৰাধ বিভাগৰ সৈতে কথা পাতিবলৈ পৰামৰ্শ দিয়ে ।