চিটাৰা ডেস্ক, 10 আগষ্ট :চিনেমা এখন সম্পূৰ্ণ কৰিবলৈ তাৰকাসকলে দিন-ৰাতি এক কৰে । তেওঁলোকে নিজৰ চৰিত্ৰবোৰক জীৱন্ত কৰি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰে । প্ৰয়োজনত চৰিত্ৰটো অনুসৰিয়েই নিজৰ জীৱন যাপনো কৰে কেতিয়াবা নায়ক নায়িকাসকলে । ইমানখিনি কৰাৰ পিছত তাৰকা এজনে নিজৰ চিনেমাখন মুক্তি পোৱাৰ পিছত নোচোৱা কথাটো শুনিবলৈ অবিশ্বাস্য যেন লাগে ৷ কিন্তু বলীউডত এনে কেইজনমান নামী-দামী তাৰকা আছে যিয়ে সঁচাকৈয়ে মুক্তিৰ পিছত নিজৰ ছবি নেচায় ৷ জানো আহকচোন কোন তেওঁলোক-
কৰীণা কাপুৰ খান
বলীউডৰ Gossip Queen কৰীণা কাপুৰ খান নিজৰ শিশুসুলভ অভিনয়ৰ বাবে সুপৰিচিত । এইগৰাকী তাৰকাই ছবি এখন মুক্তি হোৱাৰ পিছত চাবলৈ আগ্ৰহ প্ৰকাশ নকৰে । শেহতীয়াকৈ কৰণ জোহৰৰ টক শ্ব’ ‘কফি উইথ কৰণ’ত এই কথা প্ৰকাশ পাইছে । কৰণ জোহৰে কৰীণাক সুধিলে, "এইবাৰ 'লাল সিং চাড্ডা' চাবনে?" ইয়াৰ পিছত কৰণে আমীৰক কয় যে কৰীণাই নিজৰ ছবি নাচায় । তেওঁৰ ছবিখন চলিব নে নাই সেই কথাত গুৰুত্ব নিদিয়ে কৰীণাই । এই বিষয়ত কৰীণায়ো সহমত প্ৰকাশ কৰে কৰণৰ সৈতে ৷ কিন্তু কৰীণাৰ বিষয়ে এই সত্যটো জনাৰ পিছত আমীৰ খানে অতি আচৰিত হৈ তেওঁক সুধিলে যে ‘আপুনি আপোনাৰ ছবি নাচায় আৰু এই কথা আপুনি গৌৰৱেৰে কয়’। কৰীণাই কয় যে মুক্তিৰ লগে লগেই তেওঁ নেচায় । কেইদিনমানৰ পিছতহে চায় ৷
শ্বাহৰুখ খান
অভিনেতা শ্বাহৰুখ খানৰ ছবিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকলে । কিন্তু শ্বাহৰুখ খানে নিজে নিজৰ চিনেমা নাচায় । এই কথা স্বয়ং শ্বাহৰুখে স্বীকাৰ কৰিছে । এটা সাক্ষাৎকাৰত তেওঁ কয় যে, "মোৰ বাবে মোৰ ছবি এখন শিশুৰ দৰে । যদি মই মোৰ ছোৱালীজনীক X হ’বলৈ কওঁ আৰু তাই যদি Y হৈ ওলায় আহে তথাপিও তাই মোৰ ছোৱালীয়ে হ’ব । ময়ো তাইক ঠিক তেনেকৈয়ে ভাল পাম । সেইবাবেই মই মোৰ ছবি নাচাওঁ" ৷ শ্বাহৰুখ খানে ছবি এখন সৰু সৰু অংশত চাই ৷