অসম

assam

ETV Bharat / entertainment

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বড়ো ছবি Sijou ৰ বৃহৎ সফলতা

চিকাগো চাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত (Chicago South Asian Film Festival) প্ৰদৰ্শিত হ’ল বড়ো ছবি Sijou ৷ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা এই ছবিখনে বিভিন্ন সন্মান কঢ়িয়াই আনিছে ৷ জানো আহক ছবিখন সন্দৰ্ভত কিছু কথা-

Sijou
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বড়ো ছবি Sijou ৰ বৃহৎ সফলতা

By

Published : Aug 11, 2022, 2:01 PM IST

চিটাৰা ডেস্ক, 11 আগষ্ট :অসমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে সুখবৰ ৷ বড়ো ভাষাৰ এখন ছবি প্ৰশংসিত হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত (Sijou film from north east) ৷ কেইবাটাও ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হোৱাৰ লগতে ছবিখনত অভিনয় কৰা শিশু শিল্পীজনে লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বড়ো ছবি Sijou ৰ বৃহৎ সফলতা

Sijou শীৰ্ষক এখন বড়ো ভাষাৰ ছবিয়ে নাম উজলাইছে অসমৰ ৷ তিনিটাকৈ বৃহৎ সন্মানেৰে সন্মানিত ছবি Sijou ৷ Chicago South Asian Film Festival ত প্ৰদৰ্শিত হৈছে, 52nd International Film Festival of India ত দেশৰ ২০খন ছবিৰ মাজত স্থান লাভ কৰিছে Sijou য়ে আৰু 10th Washington DC South Asian Film Festival ত ছিজৌৰ (Sijou) শিশু শিল্পী বিজিত বসুমতাৰীয়ে কঢ়িয়াই আনিছে শ্ৰেষ্ঠ শিশু অভিনেতা বঁটা ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বড়ো ছবি Sijou ৰ বৃহৎ সফলতা

অসমৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজক এই সন্মানৰে গৰ্বিত কৰালে উদীয়মান যুৱ চিত্ৰ পৰিচালক, নিৰ্মাতা, নিৰ্দেশক তথা অভিনেতা বিশাল পি.চলিহা, প্ৰিয়ম খেৰকটাৰী আৰু ঔম প্ৰকাশ খেৰকটাৰীয়ে ৷ তেওঁলোকে যুটীয়াভাৱে প্ৰযোজনা কৰিছে ‘ছিজৌ’ ৷ ছেপ্তেম্বৰ মাহত মুক্তি দিয়া হ’ব ভাৰতীয় পেনোৰমালৈ নিৰ্বাচিত হোৱা বড়ো ভাষিক ছবিখন ৷ ছবিখন অসমীয়া ভাষাটো মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বড়ো ছবি Sijou ৰ বৃহৎ সফলতা

বুধবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰে ছবিখনৰ প্ৰযোজক, নিৰ্মাতা, নিৰ্দেশক তথা অভিনেতা বিশাল পি.চলিহা আৰু ঔম প্ৰকাশ খেৰকটাৰীয়ে ৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চত সাফল্য লাভ কৰি বড়োলেণ্ড তথা অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বড়ো ভাষাৰ ছবি ‘ছিজৌ’ সন্দৰ্ভত চলিহা আৰু খেৰকটাৰীয়ে জানিবলৈ দিয়ে যে ২০২১ চনৰ নবেম্বৰ মাহৰ ২০ ৰ পৰা ২৮ তাৰিখলৈ গোৱাত অনুষ্ঠিত হোৱা ভাৰতীয় পেনোৰমাৰ অধীনৰ 52nd International Film Festival of India ত দেশৰ ২০খন ছবিৰ মাজত Sijou য়ে স্থান লাভ কৰিছিল ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বড়ো ছবি Sijou ৰ বৃহৎ সফলতা

ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীৰ বুৰঞ্জীমূলক কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে ৷ উল্লেখ্য যে, 10th Washington DC South Asian Film Festivalত উক্ত বড়ো ছবিখন প্ৰদৰ্শিত হোবাৰ লগতে উক্ত ফিল্ম মহোৎসৱতে ছবিখনৰ শিশু শিল্পী বিজিত বসুমতাৰীলৈ শ্ৰেষ্ঠ শিশু অভিনেতা বঁটা আগবঢ়োৱা হয় ৷ তদুপৰি ভাৰতীয় পেনোৰমাত স্থান পোৱাৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰ মেলবৰ্ণ মহোৎসৱ ২০২১, Festival of Cinema NYC, বৃষ্টল ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেল ইউ কে, চিকাগো চাউথ এছিয়ান ফিল্ম ফেষ্টিভেল আদিত প্ৰদৰ্শিত ছবিখনে যথেষ্ট সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :টৰণ্ট’ ফিল্ম ফেষ্টিভল 2022ত প্ৰিমিয়াৰ হ’ব ৰীমা দাসৰ Tora‘s Husband

ABOUT THE AUTHOR

...view details