চিটাৰা ডেস্ক, 24 নৱেম্বৰ: ৰণবীৰ কাপুৰৰ অভিনীত ‘Animal’ ছবিখনে বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে । অনুৰাগীয়ে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । শেহতীয়াকৈ এনিমেলৰ ট্ৰেইলাৰ মুকলি হৈছে, যিটো দৰ্শকৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰিছে ৷ ৰণবীৰ কাপুৰৰ উপৰিও ছবিখনৰ খলনায়ক অৰ্থাৎ ববি দেওলে ট্ৰেইলাৰটোত সৰ্বাধিক দৃষ্টি আকৰ্ষণ কৰিছে ।
ববি দেওলৰ লুক আৰু অভিনয়ৰ বিষয়ে সকলোতে চলিছে চৰ্চা । ইফালে অভিনেতাজনে কৈছে যে এই চৰিত্ৰটোৰ অফাৰ তেওঁ কেনেকৈ লাভ কৰিছিল ?
এনিমেলৰ বাবে ববি দেওলে কেনেকৈ লাভ কৰিছিল খলনায়কৰ চৰিত্ৰৰ অফাৰ ?
বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হয় এনিমেলৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান । এই অনুষ্ঠানত ছবিখনৰ সমগ্ৰ তাৰকা অভিনেতা উপস্থিত থাকে। ইয়াৰ মাজতে ববি দেওলে প্ৰকাশ কৰে যে তেওঁৰ এখন ফটোৰ বাবে তেওঁক এই চৰিত্ৰটোৰ প্ৰস্তাৱ দিয়া হৈছিল। এনে এটা চৰিত্ৰত তেওঁ অভিনয়ৰ সুযোগ পাব বুলি কোনো আশা কৰা নাছিল বুলিও কয় অভিনেতাগৰাকীয়ে । ববিয়ে কয়- এদিন মোলৈ সন্দীপ ৰেড্ডীৰ ফোন আহিছিল আৰু তেওঁ মোক লগ কৰিব বিচৰা বুলি কৈছিল । কিন্তু সেই সময়ত মই অনুভৱ কৰিছিলো যে সন্দীপ নে বেলেগ কোনোবাই মোৰ লগত ধেমালি কৰিছে । কিন্তু তাৰ পিচত যেতিয়া গম পালোঁ যে তেওঁ সঁচাকৈয়ে সন্দীপ, মই লগে লগে তেওঁক ফোন কৰি তেওঁক লগ কৰিবলৈ সন্মতি হ’লো।
ববিয়ে লগতে কয়,‘‘সন্দীপক লগ পোৱাৰ সময়ত তেওঁ মোক মোৰ এখন পুৰণি ফটো দেখুৱাইছিল, সেই ফটোখন সেই সময়ৰ যেতিয়া মই কামৰ অভাৱত চেলেব্ৰিটি ক্ৰিকেট লীগ খেলিছিলো। সন্দীপে মোক সেই ফটোখন দেখুৱাই ক’লে যে মোৰ ছবিখনৰ বাবে এনেকুৱাই এক্সপ্ৰেচন লাগে। এই কথা শুনি মই ক’লো নিবনুৱা দিন অৱশেষত কামত আহিল।’’
উল্লেখ্য যে, ৰণবীৰ কাপুৰৰ উপৰিও এনিমেলত ববী দেওল, অনিল কাপুৰ আৰু ৰশ্মিকা মন্দান্নাৰ দৰে ডাঙৰ তাৰকা আছে। ছবিখনত অনিলে ৰণবীৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে। আনহাতে ববি দেওলে ছবিখনত নেতিবাচক চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখন অহা ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ।
লগতে পঢ়ক:বাংলা চাহাব গুৰুদ্বাৰত ৰণবীৰ কাপুৰ-ববি দেওল, এনিমেলৰ সফলতাৰ বাবে কৰিলে প্ৰাৰ্থনা