চিটাৰা ডেস্ক, 25 এপ্ৰিল: আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিবাহৰ খবৰৰ বাবেই বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা বিগত সময়ৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । যোৱা মাহত মুম্বাইত দুয়োকে একেলগে দুবাৰকৈ দেখা পোৱা গৈছিল আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ ডেটিং আৰু আঙঠি পিন্ধোৱাৰ বাতৰি । গতিকে এতিয়া প্ৰতিবাৰেই অভিনেত্ৰীগৰাকীক ৰাজহুৱাভাৱে দেখা পোৱাৰ সময়ত পাপাৰাজীয়ে ৰাজনীতিবিদগৰাকীৰ সৈতে তেওঁৰ বিয়াৰ বিষয়ে প্ৰশ্ন নকৰাকৈ থাকিব নোৱাৰে (Parineeti Chopr)।
শেহতীয়াকৈ পৰিণীতিক সোমবাৰে নিশা মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা দেখা গৈছিল ৷ বিমানবন্দৰত পাপাৰাজীয়ে অভিনেত্ৰীগৰাকীক দেখা পোৱাৰ পিচতে বিয়াৰ সন্দৰ্ভত প্ৰশ্ন সোধা দেখা পোৱা যায় ৷ ইফালে অভিনেত্ৰীগৰাকীয়ে এয়াৰপৰ্ট লুকৰ বাবে বাছি লৈছিল ক’লা অভাৰচাইজ টি-চাৰ্ট আৰু চেকাৰ পেণ্ট । বগা স্নিকাৰ আৰু বেগ এটাৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে (Parineeti wedding rumour) ।
অভিনেত্ৰীগৰাকীক গেটৰ মাজেৰে খোজ কাঢ়ি যোৱা দেখা পোৱাৰ পিচতে ফটোগ্ৰাফাৰসকলে পৰিণীতিক বিয়াৰ বিষয়ে তথ্য দিবলৈ কয় । ফটোগ্ৰাফাৰসকলে অভিনেত্ৰীগৰাকীক প্ৰশ্ন কৰি থাকোঁতে লাজত ৰঙা পৰা দেখা অভিনেত্ৰীগৰাকীক ৷ আনকি পাপাৰাজীয়ে অভিনেত্ৰীগৰাকীক বিয়াৰ তাৰিখটো শ্বেয়াৰ কৰিবলৈও কয় যাতে তেওঁলোকে নিজৰ বাবে শ্বেৰৱানি প্ৰস্তুত কৰিব পাৰে (Parineeti to marry aap leader raghav chadha)।