অসম

assam

ETV Bharat / entertainment

Thalapathy Vijay Birthday: থালাপাথী বিজয়ৰ মুঠ সম্পত্তিৰ মূল্যই হতবাক কৰিব আপোনাক

আজি দক্ষিণ জগতৰ ছুপাৰষ্টাৰ থালাপাথী বিজয়ৰ জন্মদিন ৷ অভিনেতাগৰাকীৰ জন্মদিন উপলক্ষে জানো আহক তেওঁৰ সম্পত্তিৰ মূল্য ৷

By

Published : Jun 22, 2023, 8:44 PM IST

Birthday special Thalapathy Vijay career films family lifestyle net worth unknown facts
থালাপাথী বিজয়ৰ জন্মদিন

চিটাৰা ডেস্ক, 22 জুন: তামিল ছবিৰ মেগাষ্টাৰ থালাপাথী বিজয় বৰ্তমান তেওঁৰ আগন্তুক ছবি লিঅ’ৰ বাবে চৰ্চাত আছে ৷ আজি থালাপাথী বিজয়ৰ ৪৯ সংখ্যক জন্মদিন । জন্মদিনৰ এই বিশেষ ক্ষণত অভিনেতাগৰাকীৰ ছবিখনৰ ফাৰ্ষ্ট লুকৰ পোষ্টাৰ মুকলি কৰা হৈছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে থালাপাথী বিজয় দক্ষিণ উদ্যোগৰ অন্যতম ব্যয়বহুল অভিনেতা ।

দেশ তথা বিদেশৰ প্ৰত্যেকটো চুকত আছে থালাপাথী বিজয়ৰ অনুৰাগী । থালাপাথী বিজয়ে এতিয়ালৈকে বহু ব্লকবাষ্টাৰ ছবিত কাম কৰি আহিছে । জন্মদিনৰ এই বিশেষ ক্ষণ উপলক্ষে থালাপাথী বিজয়ৰ মুঠ সম্পত্তি আৰু বাৰ্ষিক উপাৰ্জনৰ বিষয়ে জানো আহক ৷

থালাপাথী বিজয়ৰ নেট ৱৰ্থ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি থালাপাথী বিজয় দক্ষিণ উদ্যোগৰ অন্যতম ব্যয়বহুল অভিনেতা । মুঠ ৪৫০ কোটি টকাৰ সম্পত্তিৰ মালিক থালাপাথী বিজয় । ছবি এখন কৰাৰ বাবে তেওঁ ১৫০ কোটি টকা লয় । ছুপাৰষ্টাৰগৰাকীয়ে বহু ব্ৰেণ্ডৰ প্ৰচাৰো কৰে, যাৰ বাবে তেওঁ প্ৰতি বছৰে প্ৰায় ১০ কোটি টকা লাভ কৰে ।

চেন্নাইৰ সাগৰৰ পাৰত বিজয়ৰ আছে বিলাসী বাংলো

থালাপাথী বিজয়ে পৰিয়ালৰ সৈতে চেন্নাইৰ এটা বিলাসী বাংলোত বসবাস কৰে ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হলিউডৰ তাৰকা টম ক্ৰুজৰ ঘৰৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ চেন্নাইৰ নীলংকাৰাইৰ কেছুয়াৰিনা ড্ৰাইভ ষ্ট্ৰীটত নিজৰ বিলাসী বাংলোটো নিৰ্মাণ কৰিছে । এই বাংলোটোৰ খৰচ প্ৰায় ২০ কোটি টকা । এই বাংলোটো অতি বিলাসী । এই বিলাসী বাংলোত বহু ধৰণৰ কাৰিকৰী সা-সুবিধা উপলব্ধ । উল্লেখ্য যে ১৯৯৯ চনত বিজয়ে সংগীতা সোৰনলিংগমৰ সৈতে বিবাহপাশত আবদ্ধ হয় । এটা পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ বিজয় ।

থালাপাথী বিজয়ৰ বাহনৰ সংগ্ৰহ

থালাপাথী বিজয়ৰ আছে বহু বিলাসী বাহন । তেওঁৰ ২.৫ কোটি টকাৰ এখন ৰ’লছ ৰয়চ গোষ্ট আছে, যিখন তেওঁৰ প্ৰিয় গাড়ী । ইয়াৰ উপৰিও তেওঁৰ ১.১৭ কোটি টকাৰ অ’ডি এ ৮, ৭৪ লাখ টকাৰ ফৰ্ড মাস্তাংগ, ৬৫ লাখ টকাৰ ৰেঞ্জ ৰভাৰ ইভ’ক আছে । ইয়াৰ উপৰিও তেওঁৰ হাতত আছে মাৰ্চিডিজ বেঞ্জ জিএলএ আৰু ভলভো এক্সচি ৯০, যাৰ মূল্য প্ৰায় ৮৭ লাখ টকাৰ লগতে দুখন বিএমডব্লিউ এছইউভি এক্স ৫ আৰু এক্স ৬।

লগতে পঢ়ক:Adipurush: ‘আদিপুৰুষ’ ছবিখন দেখাৰ পাচত ক্ষুব্ধ হৈ পৰিল ৰামায়ণৰ লক্ষ্মণ

ABOUT THE AUTHOR

...view details