চিটাৰা ডেস্ক, 12 নৱেম্বৰ :বলীউডৰ পৰা আহিল এক ভাল খবৰ । অভিনেত্ৰী আলিয়া ভাটৰ পিছত এতিয়া মোহময়ী অভিনেত্ৰী বিপাশা বসুৱে লাভ কৰিলে মাতৃত্বৰ সুখ । 12 নৱেম্বৰ, শনিবাৰে এগৰাকী কন্যা সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে । বিয়াৰ 6 বছৰৰ পাছত বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰৰ ঘৰত উখল-মাখল পৰিৱেশ । 2016 চনত বিবাহপাশত আবদ্ধ হৈছিল বিপাশা-কৰণ ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিনেত্ৰী গৰাকীয়ে এগৰাকী কন্যা সন্তান জন্ম দিছে আৰু এতিয়া গোটেই ঘৰখনতে সুখৰ পৰিৱেশে বিৰাজ কৰিছে । এই বছৰতেই কৰণ আৰু বিপাশাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল আৰু তেতিয়াৰে পৰাই অনুৰাগীসকলে আগ্ৰহেৰে প্ৰথমটি সন্তানৰ বাবে অপেক্ষা কৰি আছিল ।
বিপাশাইও গোটেই গৰ্ভাৱস্থাত নিজৰ সম্পূৰ্ণ যত্ন লৈছিল ৷ সময়ে সময়ে অনুৰাগীৰে সৈতে ভিডিঅ’ আৰু কেতিয়াবা ফটো শ্বেয়াৰ কৰি নিজৰ অৱস্থাৰ বিষয়ে আপডেট দিছিল । কৰণ আৰু বিপাশাই একেলগে কেইবাটাও প্ৰসূতি ফটোশ্বুট কৰিছিল, যাৰ বাবে সামাজিক মাধ্যমত ট্ৰ’ল খাবলগীয়া হৈছিল দুয়োৱে ।
2015 চনত ‘Alone’ ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত লগ হৈছিল তেওঁলোক আৰু তাৰ পিছৰ বছৰতেই 2016 চনত বিবাহ পাশত আৱদ্ধ হয় । বিবাহৰ 6 বছৰৰ অন্তত কন্যা হিচাপে প্ৰথমটি সন্তানৰ আগমণ ঘটিছে কৰণ-বিপাশাৰ জীৱনলৈ ।