চিটাৰা ডেস্ক, 6 এপ্ৰিল:বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰ বলীউডৰ অন্যতম জনপ্ৰিয় তাৰকা দম্পতী । যোৱা বছৰৰ নৱেম্বৰ মাহত কন্য়া সন্তানৰ মাতৃ-পিতৃ হৈছিল বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰ (Bipasha Karan) ৷ সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ অনুৰাগীক এই খবৰ শ্বেয়াৰ কৰিছিল বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে ৷ বিপাশা-কৰণে তেওঁলোকৰ প্ৰিয় ৰাজকুমাৰীৰ নাম ৰাখিছে ‘দেৱী’।
প্ৰায়ে অনুৰাগীৰ বাবে নিজৰ ইনষ্টাগ্ৰামত দেৱীৰ আভাস শ্বেয়াৰ কৰা দেখা যায় দুয়োগৰাকীক । দেৱীৰ আভাস শ্বেয়াৰ কৰা বিপাছা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে, কিন্তু দেৱীৰ মুখখনৰ সম্পূৰ্ণ ফটো শ্বেয়াৰ কৰা নাছিল (Bipasha Karan Daughter Face reveal) ৷ কিন্তু বুধবাৰে গভীৰ নিশা প্ৰথমবাৰৰ বাবে ‘দেৱী’ৰ মুখখন উন্মোচন কৰি অনুৰাগীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায় বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে ।
কৰণক টেগ কৰি বিপাশাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত দুখন মৰমলগা ছবিৰে নিজৰ কণমানি কন্যা দেৱীৰ মুখখন প্ৰকাশ কৰিছে আৰু কেপচনত হাৰ্ট ইমোজিৰে লিখিছে, ‘হেল্ল’ ৱৰ্ল্ড, আই এম দেৱী’। এই মৰমলগা ছবিবোৰত দেৱী বসু সিং গ্ৰভাৰক বেবী পিংক ড্ৰেছত ছুপাৰ কিউট দেখা পোৱা গৈছিল । এই পোছাকযোৰত লিখা আছিল ‘দেউতাকৰ ৰাজকুমাৰী’। মেচিং হেয়াৰবেণ্ডে দেৱীৰ লুকটো সম্পূৰ্ণ কৰিছিল (Bipasha Basu and karan singh grover Daughter)।