অসম

assam

ETV Bharat / entertainment

Elvish Yadav Girlfriend: কোন হয় এলভিছ যাদৱৰ মিষ্ট্ৰী গাৰ্লফ্ৰেণ্ড ? প্ৰেমিকাক সন্দৰ্ভত মৌনতা ভংগ কৰিলে এলভিছে - এলভিছ যাদৱৰ মিষ্ট্ৰী গাৰ্লফ্ৰেণ্ড

Bigg Boss OTT 2 বিজয়ী এলভিছ যাদৱে প্ৰথম বাৰৰ বাবে ক’লে নিজৰ ব্যক্তিগত জীৱনৰ কথা । শ্ব’টোত থকাৰ সময়ত তেওঁ প্ৰকাশ কৰিছিল যে, তেওঁ বাহিৰৰ কাৰোবাৰ সৈতে কমিট কৰিছে । এতিয়া এই বিষয়ত মুকলিকৈ ক’লে এলভিছে ৷

Bigg Boss OTT 2 winner Elvish Yadav finally opens up about his mystery girlfriend
বিগ বছ অটিটি ২ বিজয়ী এলভিছ যাদৱৰ গাৰ্লফ্ৰেণ্ড

By

Published : Aug 17, 2023, 2:14 PM IST

চিটাৰা ডেস্ক, ১৭ আগষ্ট: ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি ছিজন ২ ৰ বিজয়ী হোৱাৰ পিচৰে পৰা লাইমলাইটত আছে এলভিছ যাদৱ । ছ’চিয়েল মিডিয়াত এলভিছৰ জয়ত আনন্দ উল্লাহ কৰিছে অনুৰাগীয়ে ৷ শ্ব’টোত প্ৰভাৱশালী ব্যক্তিজনৰ ষ্টাইলৰ লগতে তেওঁৰ প্ৰেম জীৱনৰ বিষয়েও বহু চৰ্চা চলিছে ৷ কোন হয় এলভিছৰ প্ৰেমিক এই কথা জানিবলৈ অনুৰাগীসকল উৎসুক হৈ আছে ৷ কিন্তু এতিয়া যেন অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিব ৷ কিয়নো এলভিছে নিজৰ হৃদয়ৰ গোপন কথাবোৰ এতিয়া মুকলি কৰিছে ৷

Bigg Boss OTT 2 ৰ পৰা ওলাই অহাৰ পিচত এলভিছ যাদৱে প্ৰথমবাৰৰ বাবে প্ৰেমিকাক লৈ নিজৰ মৌনতা ভংগ কৰিছে। শ্ব’টোত থকাৰ সময়ত যেতিয়া মনীষা ৰাণীয়ে এলভিছ যাদৱৰ সৈতে ফ্লাৰ্ট কৰিছিল তেতিয়া তেওঁ কৈছিল যে তেওঁ ইতিমধ্যে কাৰোবাৰ লগত কমিটমেণ্ট কৰিছে । সেইবাবেই তেওঁ কাৰো সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ আগ্ৰহী নহয় ।

ভুল বুজাবুজি হ’ল অনুৰাগীৰ

বিগ বছ অ’টিটি ২ ৰ বিজয়ী এলভিছ যাদৱে শেহতীয়াকৈ বিগ বছ ১০ ৰ প্ৰতিযোগী মনু পাঞ্জাবীৰ সৈতে ইনষ্টাগ্ৰামত লাইভ আহে । মনুৰ সৈতে হোৱা কথোপকথনত এলভিছৰ প্ৰেমিকাৰ বিষয়ে এটা প্ৰশ্ন কৰা হৈছিল । উত্তৰ দি এলভিছে নিশ্চিত কৰে যে তেওঁৰ সম্পৰ্ক গুৰুতৰ । ইয়াৰ লগতে কোনো নাম নোলোৱাকৈয়ে এলভিছে কীৰ্তি মেহৰাৰ ফালে আঙুলিয়াই ক’লে যে, কীৰ্তি তেওঁৰ প্ৰেমিকা নহয় । এলভিছে কীৰ্তিৰ নাম নোলোৱাকৈ কয় যে যিসকল লোকে ছ’চিয়েল মিডিয়াত তেওঁৰ সাক্ষাৎকাৰ চাই আছে আৰু তেওঁৰ নামটো মোৰ সৈতে জড়িত কৰি আছে, তেওঁলোক আচলতে ভুল বুজি আছে ৷ তেওঁ মোৰ প্ৰেমিকা নহয় ৷

তেতিয়া হ’লে কোন এলভিছৰ প্ৰেমিকা ?

এলভিছ যাদৱে কয় যে মানুহৰ ভুল বুজাবুজি হৈছে । যাৰ লগত তেওঁৰ নাম সংযোগ হৈ আছে, যাৰ সাক্ষাৎকাৰ লোৱা হৈ আছে তেওঁৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। এলভিছে কয় যে, তেওঁৰ প্ৰেমিকা পঞ্জাৱৰ হয় আৰু তেওঁ তাতেই থাকে। ছ’চিয়েল মিডিয়া আৰু ফ’ল’ৱাৰৰ জগতখনৰ পৰা আঁতৰি থকাটোৱেই পছন্দ কৰে। তেওঁৰ প্ৰেয়সীয়ে নিজৰ জীৱনটো ব্যক্তিগতভাৱে ৰখাৰ বাবে তেওঁৰ নাম ৰাজহুৱাভাৱে ওলোৱাটো নিবিচাৰে । সেইবাবেই এলভিছে নিজৰ প্ৰেমিকাৰ নাম লোৱা নাই ।

প্ৰেমিকাৰ নাম ল’ব নিবিচাৰে

এলভিছে কয়, "মই মানুহৰ ভুল ধাৰণাটো ঠিক কৰিব বিচাৰো । আপোনালোকে যাক ভাৱি আছে, যাৰ সাক্ষাৎকাৰ দেখিছে, তেওঁ মোৰ প্ৰেমিকা নহয় ৷ মোৰ প্ৰেমিকা ছ’চিয়েল মিডিয়াত নাই। তাই পঞ্জাৱৰ আৰু কেৱল পঞ্জাৱত থাকে । বাহিৰত ক’তো নাথাকে । তাইৰ জীৱনটো অতি ব্যক্তিগত আৰু তাই বিচাৰে যে এই সম্পৰ্কটো ব্যক্তিগত হৈ থাকক । এনেকৈয়ে তাই সুখী ।"

লগতে পঢ়ক:Elvish Yadav: অনুৰাগীয়ে এলভিছৰ বাবে আয়োজন কৰে ৰাজকীয় আদৰণি অনুষ্ঠানৰ, চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details