অসম

assam

ETV Bharat / entertainment

Bigg Boss OTT 2 Anthem: মুক্তি লাভ কৰিলে বিগ বছ অটিটি 2 ৰ এন্থেম গীত, এইবাৰ কোন হ’ব প্ৰকৃত বছ ? - বিগ বছ অটিটি 2 ৰ এন্থেম গীত

আহি গ’ল Bigg Boss OTT 2 ৰ এন্থেম গীত ৷ ভিডিঅ’টোত দেখা গৈছে ছলমান খান আৰু ৰেপাৰ ৰাফতাৰৰ যুটি । কেতিয়াৰ পৰা টেলিকাষ্ট হ’ব, কোনে কোনে অংশগ্ৰহণ কৰিব সকলো জানি লওক এই প্ৰতিবেদনত ৷

Bigg Boss OTT 2: Salman Khan Says Is Baar Janta Hai Asli Boss In Anthem Promo. WATCH
আহি গ’ল বিগ বছ অটিটিৰ এন্থেম গীত

By

Published : Jun 9, 2023, 5:38 PM IST

চিটাৰা ডেস্ক, 9 জুন: আহি আছে ৰিয়েলিটি শ্ব’ ‘বিগ বছ অ’টিটি’ 2 ৷ এইবাৰ বহু কাৰণত শ্ব’টোৱে দখল কৰিছে বাতৰি শিৰোনাম । প্ৰথম কাৰণ হ’ল, এইবাৰ ‘বিগ বছ অ’টিটি ২’ কৰণ জোহৰৰ পৰিৱৰ্তে সঞ্চালনা কৰিব ছলমান খানে (Bigg boss ott season 2 host) । দ্বিতীয়তে, Voot ত নহয় Jio Cinema ত ষ্ট্ৰীম হ’ব এইবাৰৰ ছিজন । শেহতীয়াকৈ মেকাৰসকলে মুকলি কৰিছে ‘বিগ বছ অ’টিটি ২’ৰ এন্থেম গীত ৷ য’ত ছলমান খানে কণ্ঠদান কৰাৰ লগতে নৃত্যও পৰিৱেশন কৰে ৷

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ১৭ জুনৰ পৰা আৰম্ভ হ’ব ‘বিগ বছ অ’টিটি ২’ (Bigg Boss OTT 2)। এইবাৰ ইয়াৰ টেগলাইন হৈছে, ‘কিছকি লাগেগী, কিছকি বাচেগি হে আপকে পাৱাৰ মে, কিউকি ইছবাৰ জনতা হোগী আচলি বছ ৷’ সম্প্ৰতি ভিডিঅ’টো চাই উত্তেজিত হৈ পৰিছে অনুৰাগীসকল । ছলমান খানৰ আৰু এই গীতটিৰ প্ৰশংসা কৰিছে অনুৰাগীয়ে ৷ এজন অনুৰাগীয়ে লিখিছে, ‘এয়া নিশ্চিতভাৱে ছুপাৰহিট হ’ব।’ একে সময়তে এজন ব্যৱহাৰকাৰীয়ে ক’লে, ‘ভায়ে হ’ষ্ট কৰিলে সকলোৰে ক্লাছ লাগিব আৰু মজা দুগুণ হ’ব ৷’

বিগ বছ অটিটি 2 ৰ এন্থেম গীত

‘বিগ বছ অ’টিটি ২’ৰ গীতটোত কণ্ঠদান কৰিছে ৰেপাৰ ৰাফতাৰে (Bigg boss ott season 2 date and time) । তেওঁ গীতটি লিখাৰ লগতে ৰচনাও কৰিছে। ‘বিগ বছ অ’টিটি ২’ গীতটিত দেখা গৈছে ৰাফতাৰৰ আভাষ । ছলমান খান আৰু ৰাফতাৰৰ যুটিটো যথেষ্ট পছন্দ কৰিছে অনুৰাগীয়ে । ভাইজানৰ ব্যক্তিত্বৰ লগত খাপ খাই পৰিছে ৰাফতাৰৰ কণ্ঠ । একে সময়তে এই গীতটোৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে বিগ বছ অ’টিটি ছিজন ২ ৰ প্ৰতিযোগীসকলৰ ভাগ্যৰ সিদ্ধান্ত ল’ব দৰ্শকে । যিজনে প্ৰতিযোগীয়ে অনুৰাগীৰ হৃদয়ত শাসন কৰিব, তেওঁ আগবাঢ়ি যাব (Bigg Boss OTT 2 Anthem)।

'বিগ বছ অ’টিটি ২'ত কোনে কোনে অংশগ্ৰহণ কৰিব ?

এতিয়ালৈকে এইবাৰ ‘বিগ বছ অ’টিটি ২’ত কোন কোন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব সেই সন্দৰ্ভত মেকাৰসকলে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই । কিন্তু সামাজিক মাধ্য়মত এই সন্দৰ্ভত চৰ্চা চলি আছে। প্ৰতিজ্ঞা অভিনেত্ৰী পূজা গৌৰ, পাৰস অৰোৰা, উমৰ ৰিয়াজ, মুনাৱাৰ ফাৰুকী, অঞ্জলি অৰোৰা, মহীপ কাপুৰ (শানায়া কাপুৰৰ মাতৃ)ৰ পৰা আৰম্ভ কৰি জিয়া শংকৰলৈকে এইসকলৰ নাম চৰ্চাত আহিছে ৷ এতিয়া এইসকলে অংশগ্ৰহণ কৰিব নে নাই সেয়া গম পোৱা যাব কেৱল ১৭ জুনত (BB ott 2 promo)।

লগতে পঢ়ক:Jr NTR-Priyanka Chopra: জুনিয়ৰ এন টি আৰৰ সৈতে প্ৰিয়ংকা চোপ্ৰাৰ ছবি, KGF খ্যাতি প্ৰশান্ত নীল হ’ব পৰিচালক !

ABOUT THE AUTHOR

...view details