চিটাৰা ডেস্ক, 28 জুলাই: হঠাৎ ডিলিট হ’ল ছলমান খানৰ ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি ছিজন ২ত অংশগ্ৰহণ কৰা পুনীত ছুপাৰষ্টাৰৰ ইনষ্টাগ্ৰাম একাউণ্ট । ইনষ্টাগ্ৰামত প্ৰত্যেক দিনা ভিডিঅ’শ্বেয়াৰ কৰা পুনীতৰ একাউন্ট হঠাৎ বন্ধ হৈ পৰাত বিচলিত হৈ পৰিছে তেওঁক ফ’ল’ অনুৰাগীসকল ৷ অনুৰাগীয়ে টুইটাৰত পুনীতৰ ইনষ্টাগ্ৰাম একাউন্ট সন্দৰ্ভত টুইট কৰিছে ৷
আনকি একাংশ ইউজাৰে দাবী কৰিছে যে, পুনীতৰ ইনষ্টাগ্ৰাম ডিলিট কৰাৰ আঁৰত এম চি ষ্টেনৰ অনুৰাগী আছে । যদিও ইয়াৰ সত্যসত্যতা এতিয়াও প্ৰমাণিত হোৱা নাই ৷ কিন্তু তেওঁৰ অনুৰাগীসকলৰ বাবে সকাহৰ কথাটো হ’ল যে পুনীতৰ ইনষ্টাগ্ৰামত আন এটা একাউণ্ট আছে, যিটো সক্ৰিয় হৈ আছে । এই একাউন্টত প্ৰায় ৯০ হাজাৰ ফ’ল’ৱাৰ আছে ৷
ইনষ্টাগ্ৰামত নিজৰ ঠাট্টা-মস্কৰাৰে সকলোকে মনোৰঞ্জন দিয়া পুনীত ছুপাৰষ্টাৰ যোৱা কিছুদিনৰ পৰা অধিক চৰ্চা লাভ কৰিছে । চৰ্চাৰ কাৰণ হৈছে ছলমানৰ বিগ বছত অংশগ্ৰহণ কৰা ৷ কিন্তু বিগ বছৰ ঘৰত তেওঁ কৰা কিছু কাৰ্যৰ বাবে বিগ বছৰ ঘৰৰ পৰা 24 ঘন্টাৰ ভিতৰতে বাহিৰ হ’বলগীয়া হয় ৷ বিগ বছৰ পৰা ওলাই অহাৰ পিচত পুনীত ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ আছিল আৰু অহৰহ শ্ব’টোৰ বিষয়ে আৰু শ্ব’টোৰ কিছুমান প্ৰতিযোগীক লৈ টাৰ্গেট কৰি আছিল । এইখিনিতে উল্লেখ কৰিব লাগিব যে যিটো একাউণ্ট ডিলিট কৰা হৈছে সেইটো একাউন্টত তিনি মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ আছিল পুনীতৰ ।