চিটাৰা ডেস্ক, 18 জুন: আৰম্ভ হৈছে ছলমান খানৰ জনপ্ৰিয় শ্ব’ বিগ বছ অ’টিটি ছিজন ২ । ছিজন ২ ৰ প্ৰথম দিনাৰ পৰাই শ্ব’টোত বহু বিস্ফোৰণ দেখা গৈছে । শ্ব’টোত ১২ ঘণ্টাৰ ভিতৰত এগৰাকী প্ৰতিযোগীক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছে ৷ এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াৰ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে যে পুনীত ছুপাৰষ্টাৰক শ্ব’টোত প্ৰৱেশ কৰাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ‘বিগ বছ অ’টিটি ২’ৰ পৰা বাহিৰ কৰি দিয়া হৈছে ৷
ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ’ল পুনীতক
বিগ বছ হাউচৰ প্ৰতিযোগীসকলৰ ভোটৰ ভিত্তিত বিগ বছে পুনীত ছুপাৰষ্টাৰক বাহিৰ কৰি দিয়ে শ্ব’টোৰ পৰা । পুনীত ছুপাৰষ্টাৰ অৰ্থাৎ পুনীত শৰ্মাক ঘৰৰ পৰা উলিয়াই দিবলৈ বিগ বছে ঘৰৰ সতীৰ্থসকলৰ পৰা ভোটৰ জৰিয়তে মতামত বিচাৰিছিল । প্ৰায়বোৰ প্ৰতিযোগীয়ে পুনীতক ঘৰৰ পৰা বাহিৰ কৰাত সমৰ্থন কৰিছিল ।
পুনীতক শ্ব’টোৰ পৰা বাহিৰ কৰি দিয়াত কেনে হ’ব প্ৰতিক্ৰিয়া ?
১২ ঘণ্টাত এজন সদস্যক ঘৰৰ পৰা উলিয়াই দিয়াত ইয়াৰ প্ৰভাৱ বাকী সকলো লোকৰ ওপৰত পৰিছে । শ্ব’টো আগবাঢ়ি যোৱাৰ লগে লগে এই সিদ্ধান্তই ‘বিগ বছ অ’টিটি ২’ ঘৰৰ ভিতৰত প্ৰতিযোগী আৰু তেওঁলোকৰ আচৰণত কেনে প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষ্যণীয় ।