চিটাৰা ডেস্ক, 3 আগষ্ট: 'বিগ বছ OTT' ৰ দ্বিতীয় ছিজন বৰ্তমান ছ’চিয়েল মিডিয়াৰ চৰ্চিত বিষয় ৷ শ্ব’টোৰ টি আৰ পি বাকী সকলো শ্ব’তকৈ আগবাঢ়ি আছে । ইয়াৰ লগে লগে ছলমান খানে আতঁ ধৰা এই শ্ব’টো এতিয়া ফাইনেলৰ বহু ওচৰ চাপিছে । একে সময়তে ‘বিগ বছ অ’টিটি ২’ৰ বাবে অনুৰাগীৰ উত্তেজনাও দিনক দিনে বাঢ়িছে । এই ছিজনত আকৰ্ষণীয় টুইষ্ট এণ্ড টাৰ্ণে ইয়াক আৰু অধিক মনোৰঞ্জনদায়ক কৰি তুলিছিল যিয়ে দৰ্শকক শ্ব’টোৰ প্ৰতি আকৃষ্ট কৰি ৰাখিছিল । গতিকে জানো আহক কোন দিনা Bigg Boss OTT 2 ৰ finale হ’ব লগতে এইবাৰ পুৰস্কাৰৰ ধন কিমান হ’ব ৷
কেতিয়া হ’ব Bigg Boss OTT 2 ৰ finale ?
‘বি বি অ’ টি টি ২’ৰ finale পূৰ্বে জুলাই মাহৰ শেষৰ সপ্তাহতেই হ’বলগীয়া আছিল । কিন্তু শ্ব’টোৰ আকাশলংঘী টি আৰ পিৰ বাবে আয়োজক ছলমান খানে শ্ব’টো দুসপ্তাহৰ বাবে বৃদ্ধিৰ কথা ঘোষণা কৰি আগষ্টৰ দ্বিতীয় সপ্তাহলৈকে বৃদ্ধি কৰে । এনে পৰিস্থিতিত ১২ বা ১৩ আগষ্টত গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ’ব পাৰে । অৱশ্যে ‘বিগ বছ অ’টিটি ২’ৰ গ্ৰেণ্ড ফিনালেৰ আনুষ্ঠানিক তাৰিখ এতিয়াও নিৰ্মাতাসকলে ঘোষণা কৰা নাই ।
বিগ বছ অ টি টি 2 ফাইনেল প্ৰতিযোগী কোন কোন হ’ব ?
বিগ বছ অ’টিটি ২ৰ ফাইনেল টাস্কত পূজা ভাটক পৰাস্ত কৰি অভিষেক মালহান হৈ পৰিছে প্ৰথম ফাইনালিষ্ট । একে সময়তে ফিনালেত বাকী থকা দুগৰাকী প্ৰতিযোগীৰ বাবে ছ’চিয়েল মিডিয়াত এলভিছ যাদৱ আৰু মনীষা ৰাণী বা জিয়া শংকৰৰ নাম চৰ্চাত আছে ৷