অসম

assam

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 4:59 PM IST

ETV Bharat / entertainment

Bigg Boss 17: ড্ৰাগছৰ গোচৰত ভাৰতৰ পৰা পলায়ন কৰা এইগৰাকী অভিনেত্ৰীক দেখা যাব বিগ বছত

শেহতীয়াকৈ বিগ বছ ১৭ ৰ এটা ডাঙৰ আপডেট আহিছে ৷ কৰণ-অৰ্জুনত ছলমান খানৰ বিপৰীতে অভিনয় কৰা সুন্দৰী অভিনেত্ৰী মমতা কুলকাৰ্ণী এইবাৰ বিগ বছ ১৭ ত অংশগ্ৰহণ কৰিব পাৰে বুলি খবৰ পোৱা গৈছে ৷

Bigg Boss 17: 90s controversial star Mamta Kulkarni anticipated contestants for Salman Khan hosted show
মমতা কুলকাৰ্ণী এইবাৰ বিগ বছ ১৭ৰ অংশগ্ৰহণ কৰিব পাৰে

চিটাৰা ডেস্ক, 6 অক্টোবৰ: ছলমান খানৰ বিতৰ্কিত ৰিয়েলিটি শ্ব’ বিগ বছ ১৭ ছিজন অতি সোনকালেই আৰম্ভ হ’ব ৷ শেহতীয়াকৈ শ্ব’টোৰ প্ৰিমিয়াৰৰ কথা ঘোষণা কৰা হৈছে । ইফালে, শ্ব’টোত অংশ হ’বলগীয়া প্ৰতিযোগীসকলৰ সন্দৰ্ভত কেইবাটাও আপডেট আহি আছে । এইবাৰ বলীউডৰ আটাইতকৈ বিতৰ্কিত অভিনেত্ৰীক প্ৰতিযোগী হিচাপে এই শ্ব’টোত অংশগ্ৰহণ কৰা দেখা যাব।

বিগ বছে প্ৰত্যেক বছৰে নিজৰ শ্ব’টোলৈ আমন্ত্ৰণ কৰি আনে আটাইতকৈ বিতৰ্কিত প্ৰতিযোগীক । এতিয়ালৈকে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী পূজা ভাট, মনিকা বেদী, কোয়েনা মিত্ৰ, তনিষা মুখাৰ্জী, শ্বমিতা শেট্টী, ৰিমি সেন আৰু মিনিছা লাম্বাই এই শ্ব’টোত অংশগ্ৰহণ কৰিছে । কিন্তু এইবাৰ বিগ বছত যিগৰাকী অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰিব সেইগৰাকী বিগ বছৰ ইতিহাসত আটাইতকৈ বিতৰ্কিত প্ৰতিযোগী হ’ব ৷ অৱশ্যে এইগৰাকী অভিনেত্ৰী সকলোৰে পৰিচিত ৷

কোন বিতৰ্কিত অভিনেত্ৰী ?

বিগ বছ ১৭ সম্পৰ্কীয় শেহতীয়া আপডেট অনুসৰি অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে এই শ্ব’টোত অংশগ্ৰহণ কৰিব পাৰে ৷ বিগ বছৰ সৈতে জড়িত আপডেট শ্বেয়াৰ কৰা ফেন পেজৰ প্ৰতিবেদন অনুসৰি মমতা কুলকাৰ্ণী কিছু আইনী বিবাদৰ সৈতে বৰ্তমান জড়িত হৈ আছে ৷ যদি অভিনেত্ৰীগৰাকীয়ে এই বিষয়সমূহ নিষ্পত্তি কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ বিগ বছৰ সৈতে পুনৰ এই উদ্যোগটোলৈ উভতিব । অৱশ্যে শ্ব’টোৰ আয়োজকে এতিয়াও এই সন্দৰ্ভত কোনো ঘোষণা কৰা নাই ।

মমতা কুলকাৰ্ণীৰ বিতৰ্ক

মমতা কুলকাৰ্ণী ছবিজগতত এনেকুৱা এটা নাম, যিয়ে নিজৰ কামতকৈ অধিক বিতৰ্কৰ বাবেহে বাতৰিৰ শিৰোনাম দখল কৰিছে । প্ৰথমে ৯০ দশকত টপলেছ ফটোশ্বুট কৰি আলোড়নৰ সৃষ্টি কৰিছিল অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ উপৰিও তেওঁৰ বিতৰ্কিত বক্তব্যৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰিছে বহুবাৰ । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ব্যক্তিগত জীৱনৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰিছিল । মমতা কুলকাৰ্ণীয়ে চলচ্চিত্ৰ জগতত বহু নাম অৰ্জন কৰিছিল যদিও ২০০৩ চনত অভিনয় ত্যাগ কৰি সন্ন্যাসিনী হৈ পৰে । অভিনেত্ৰীগৰাকীয়ে নিজৰ সন্ন্যাসিনী জীৱনৰ বিষয়ে এখন গ্ৰন্থও ৰচনা কৰিছিল ।

ড্ৰাগছৰ গোচৰত নাম আহিছিল

দুই হাজাৰ কোটি টকাৰ ড্ৰাগছৰ গোচৰত অভিনেত্ৰী মমতা কুলকাৰ্ণীৰ নাম জড়িত হৈ পৰিছিল । ২০১৬ চনত তেওঁক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ৰেকেটত অভিযুক্ত কৰা হৈছিল । কোৱা হয় যে এই ৰেকেটৰ মূল কিংপিন আছিল বিকি গোস্বামী আৰু বিকিক কথিত ৰূপত মমতা কুলকাৰ্ণীৰ স্বামী বুলি কোৱা হয় । ইয়াৰ পিচতে মমতাই ভাৰত এৰি বিদেশলৈ পলায়ন কৰিছিল ৷ এই গোচৰত যেতিয়া আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক সোধা-পোচাৰ বাবে বিচাৰিছিল তেতিয়া অভিনেত্ৰীগৰাকী ঘৰত উপস্থিত নাছিল ৷ ইয়াৰ পিচত মমতাক ‘অপৰাধী’ বুলি ঘোষণা কৰা হৈছিল । ইয়াৰ পিচত মমতা আৰু কেতিয়াও ভাৰতলৈ উভতি অহা নাই ।

ছলমানৰ সৈতে পুনৰ মিলন হ’ব

মমতা কুলকাৰ্ণীয়ে ছলমান খানৰ সৈতে ব্লকবাষ্টাৰ ছবি কৰণ-অৰ্জুনত কাম কৰিছিল । এতিয়া যদি অভিনেত্ৰীগৰাকীয়ে বিগ বছ ১৭ ত অংশগ্ৰহণ কৰে, তেন্তে এয়া হ’ব দুয়োৰে পুনৰ মিলন ।

লগতে পঢ়ক:Elvish Yadav Girlfriend: কোন হয় এলভিছ যাদৱৰ মিষ্ট্ৰী গাৰ্লফ্ৰেণ্ড ? প্ৰেমিকাক সন্দৰ্ভত মৌনতা ভংগ কৰিলে এলভিছে

ABOUT THE AUTHOR

...view details