অসম

assam

ETV Bharat / entertainment

Salman khan latest news: ইচ্ছানুসাৰি অবিবাহিত হৈ থকা নাই ছলমান খান ! - salman khan

বিগ বছ 16 ৰ গ্ৰেণ্ড ফিনালেত ছলমানে কয় যে তেওঁ ইচ্ছা অনুসৰি অকলশৰীয়াকৈ থকা নাই ৷ মানে তেওঁ নাৰী পোৱাহে নাই জীৱনত ! এই কথা কৈ অনুৰাগীক টেনচনত পেলাই দিলে অভিনেতাজনে । শ্ব’টোৰ প্ৰতিযোগী শালিন ভানোটে গোটেই জীৱন বিবাহ নকৰাৰ প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত তেওঁ কয় যে, তেওঁ নিজৰ ইচ্ছামতে অবিবাহিত হৈ থকা নাই (Bigg Boss 16 finale Salman khan) ।

salman khan
ছলমান খান

By

Published : Feb 13, 2023, 5:13 PM IST

চিটাৰা ডেস্ক, 13 ফেব্ৰুৱাৰী :বলীউডৰ চুপাৰষ্টাৰ ছলমান খান সমগ্ৰ বিশ্বতে সুপৰিচিত । ছলমান খানক বলীউডৰ ‘গডফাদাৰ’ বুলি কোৱা হয় । ছলমানৰ লাখ লাখ অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি থাকে ‘দাবাং’ খানৰ ছবিৰ মুক্তিৰ বাবে । ছলমানৰ অনুৰাগীসকলে প্ৰায়ে দুখ প্ৰকাশ কৰে যে 57 বছৰ বয়সৰ পিছতো কিয় তেওঁ কিয় এতিয়াও অবিবাহিত ? বাহিৰৰ পৰা দেখিলেতো এনে অনুমান হয় যেন ছলমানৰ জীৱনত ছোৱালীৰ অভাৱ নাই । অভিনেতাজনৰ জীৱনলৈ বহু সুন্দৰী আহিছিল যদিও থিতাপি ল’ব নোৱাৰিলে ভাইজানৰ লগত । এতিয়া ছলমান খানে অবিবাহিত হৈ থকা সন্দৰ্ভত এটা ডাঙৰ কথা কৈছে (Salman khan on Being Single) ।

বিগ বছ 16 গ্ৰেণ্ড ফিনালে

জনপ্ৰিয় টিভি ৰিয়েলিটী শ্ব’ বিগ বছ 16 ৰ গ্ৰেণ্ড ফিনালেত অবিবাহিত হৈ থকা সন্দৰ্ভত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ছলমান খানে । 12 ফেব্ৰুৱাৰীৰ নিশা অনুষ্ঠিত হৈ যায় বিগ বছ 16 ৰ গ্ৰেণ্ড ফিনালে ৷ শ্ব’টোৰ গ্ৰেণ্ড ফিনালে প্ৰায় 5 ঘণ্টা ধৰি চলিছিল, য’ত ছিজন 16 ৰ প্ৰতিযোগীসকলে এজন এজনকৈ অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু ছলমান খানেও দৰ্শকক আমোদ দি আছিল (bigg boss 16 grand finale)।

একে সময়তে শীৰ্ষ 5 গৰাকী চূড়ান্ত প্ৰতিযোগীৰ তালিকাৰ পৰা শালিন ভানোটে অব্যাহতি লয় আৰু তেওঁৰ বিগ বছ বিজয়ী হোৱাৰ সপোনো সিমানতে সমাপ্ত হৈ পৰে । বিগ বছ 16 ৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত শালিনে মঞ্চত প্ৰৱেশ কৰে আৰু ছলমান খানৰ ওচৰলৈ আহে ৷ তাৰ পিছত ছলমানে তেওঁৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতি ধেমালি কৰে । প্ৰথমে ছলমানে উপহাৰ এটি শালিনক গতাই দিয়ে আৰু তাৰ পিছত শ্ব’টোৰ প্ৰতিযোগী টিনা দত্তৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত কথা ক’বলৈ আৰম্ভ কৰে (bigg boss 16 grand finale salman khan)।

মই পছন্দ অনুসৰি অবিবাহিত হৈ থকা নাই - ছলমান খান

মঞ্চত ছলমানে শালিনক জোকাই থকাৰ সময়ত শালিনেও নিজৰ হৃদয়ৰ সমস্ত কথা উজাৰি কৈছিল আৰু তেওঁ কয় যে শ্ব’টোৰ সময়ত তেওঁ ছলমানৰ পৰা বহু কথা শিকিবলৈ পাইছিল । শালিনে কয় যে তেৱোঁ ছলমানৰ দৰে গোটেই জীৱন অকলশৰীয়াভাৱে কটাব বিচাৰে ৷ শালিনৰ এই মন্তব্যৰ পিছত ছলমানে দিয়া উত্তৰটোৱে তেওঁৰ অনুৰাগীসকলক স্তম্ভিত কৰি তুলিছিল । বিগ বছ 16 ৰ গ্ৰেণ্ড ফিনালেত ছলমান খানে কৈছিল, ‘মই নিজৰ ইচ্ছামতে অবিবাহিত নহয়’ (Salman khan latest news)। এতিয়া ছলমান খানৰ এই কথাই তেওঁৰ অনুৰাগীসকলক হাহাকাৰ কৰি তুলিছে আৰু এতিয়া সকলোৱে জল্পনা-কল্পনা কৰিছে যে ছলমানৰ সৈতে নিশ্চয় কিবা ঘটিছিল যাৰ বাবে 57 বছৰ বয়সতো তেওঁ অবিবাহিত ।

লগতে পঢ়ক :'Behcara' Aamir Khan: ‘বেচেৰা আমীৰ খান, তেওঁ পাহৰি গ’ল নেকি...’-কংগনা ৰাণাৱট

ABOUT THE AUTHOR

...view details