চিটাৰা ডেস্ক, 3 জানুৱাৰী : নতুন বছৰত ন পৰিকল্পনা লৈ আগবাঢ়িছে হম্বেল ফিল্মছ ৷ হম্বেল ফিল্মছ (Hombale Films), যি হৈছে সৰ্বত্ৰে চৰ্চিত এটা ফিল্ম প্ৰডাকচন কোম্পানী, যিয়ে বৰ্তমানলৈকে 'KGF', 'KGF2', 'Kantara' আদি ছবি নিৰ্মাণ কৰি দেশৰ চিনেমা জগতত এক খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে (Big plan of the producers of KGF Films) ৷
এইবাৰ হম্বেল ফিল্মছ প্ৰডাকচনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন অভিলেখ সৃষ্টিৰ দিশে আগবাঢ়িছে ৷ হম্বেল ফিল্মছ প্ৰডাকচনে তিনিহাজাৰ কোটি টকাৰ এক হাই বাজেটৰ ফিল্ম নিৰ্মাণৰ পৰিকল্পনা কৰিছে (Big plan of the producers of KGF Films with Rs3000 crores budget) ৷ হম্বেল ফিল্মছ প্ৰডাকচনৰ তিনিহাজাৰ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ হ’ব লগা ছবিখন প্ৰযোজক বিজয় কিৰাংগন্দুৰে (Vijay Kirangandur) টুইটযোগে সদৰী কৰিছে এই কথা (Producers Vijay Kirangandur tweeted) ৷
উল্লেখ্য যে, পূৰ্বতে নিৰ্মিত হম্বেল ফিল্মছ প্ৰডাকচনৰ KGF2 1000 কোটি টকা আৰু Kantara ছবিখন 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ৷ প্ৰযোজক বিজয় কিৰাংগন্দুৰে নিজৰ টুইটাৰ হেণ্ডেলত লিখে, ‘‘হোম্বেল ফিল্মছৰ হৈ আমি আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো । আমাৰ প্ৰতি আপোনালোকৰ সহায় আৰু মৰমৰ বাবে অশেষ ধন্যবাদ । যোৱা বছৰটো আমাৰ বাবে বৰ ভাল আছিল ।
লগতে পঢ়ক :Tunisha sharma death case: তুনিষাক হিজাব পৰিধান কৰিবলৈ বাধ্য কৰা নাছিল শ্বীজানৰ পৰিয়ালে !