চিটাৰা ডেস্ক, 19 এপ্ৰিল: সোমবাৰে নাতিয়েক অগস্ত্যকলৈ গৌৰৱ অনুভৱ কৰাৰ কথা নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰে মেগাষ্টাৰ অমিতাভ বচ্চনে (Amitabh Bachchan twitter) ৷ জয়া আখতাৰৰ নতুন ছবি দ্য আৰ্চিছেৰে নিজৰ অভিনয় জীৱনৰ অভিষেক ঘটাবলৈ আগবাঢ়িছে বিগবিৰ নাতি অগষ্ট্য নন্দাই ৷
অমিতাভ বচ্চনে টুইটাৰত অগস্ত্য আৰু বাকী দুগৰাকী ষ্টাৰ কিড্ছ শ্বাহৰুখ তনয়া সুহানা আৰু শ্ৰী দেৱীৰ কনিষ্ঠা কন্যা খুশিৰ আলোকচিত্ৰ থকা এজন অনুৰাগীৰ এটা টুইট শ্বেয়াৰ কৰে ৷ "অগস্ত্য ... তোমাৰ জীৱনৰ নতুন এটা অধ্যায় আৰম্ভ হ’বলৈ গৈ আছে, আৰু ইয়াতকৈ ডাঙৰ সুখ আমাৰ বাবে একো হ’ব নোৱাৰে ৷ মোৰ মৰম, আশীৰ্বাদ সদায় তোমাৰ সৈতে আছে... ভালকৈ কাম কৰি যাবা"- এইদৰে নিজৰ মনৰ ভাষা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে বিগ বিয়ে (Amitabh Bachchan grandson first film) ৷