অসম

assam

ETV Bharat / entertainment

আৰাধ্যা বচ্চনৰ অভিনয়ত আপ্লুত হ’ল অমিতাভ বচ্চন, ক’লে এই কথা

Amitabh Bachchan Proud Of Aaradhaya: নাতিনীয়েক আৰাধ্যা বচ্চনক লৈ গৌৰৱান্বিত ককাক অমিতাভ বচ্চন ৷ আৰাধ্যা বচ্চনৰ প্ৰশংসাত ক’লে এই কথা ৷

Big B praises his granddaughter Aaradhya's school performance
আৰাধ্যা বচ্চনক লৈ গৌৰৱান্বিত ককা অমিতাভ বচ্চন

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:04 PM IST

চিটাৰা ডেস্ক, ১৭ ডিচেম্বৰ :শুকুৰবাৰে সন্ধিয়া ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত অনুষ্ঠিত হয় বাৰ্ষিক দিৱস । য’ত উপস্থিত থাকে বলীউডৰ বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটি ৷ কাৰণ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰে বলীউডৰ বেছিভাগ তাৰকাৰ সন্তানে ৷ সেয়েহে, বলীউডৰ তাৰকাসকলে নিজৰ সন্তানৰ অনুষ্ঠান উপভোগ কৰিবলৈ বিদ্যালয়ত উপস্থিত থাকে ।

এই সময়চোৱাত বচ্চন পৰিয়ালৰ কন্যা আৰাধ্যা বচ্চনেও এখন নাটকত অংশগ্ৰহণ কৰে আৰু আৰাধ্যাৰ অভিনয়ে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হয় । ছ’চিয়েল মিডিয়াত আৰাধ্যাৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছে । এনে পৰিস্থিতিত আৰাধ্যাৰ ককা অমিতাভ বচ্চনেও নাতিনীয়েকৰ প্ৰতিভা দেখি বৰ আনন্দিত হৈ পৰে আৰু গৌৰৱ অনুভৱ কৰে ।

ক’লে - কণমানিজনী আৰু কণমানি হৈ থকা নাই

শেহতীয়াকৈ বিগ বিয়ে আৰাধ্যাৰ প্ৰশংসাত নিজৰ এক্স একাউন্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে । পোষ্টটো শ্বেয়াৰ কৰি বিগ বিয়ে লিখিছে- মই আপোনালোক সকলোকে সোনকালেই লগ পাম । মই ব্যস্ত আৰাধ্যাৰ স্কুলৰ বাৰ্ষিক অনুষ্ঠানত । সকলোৰে বাবে ই এক সুখ আৰু গৌৰৱৰ মুহূৰ্ত । মঞ্চত আৰাধ্যা একেবাৰে স্বাভাৱিক আছিল । কণমানিজনী আৰু কণমানি হৈ থকা নাই ।’’

ইয়াৰ পিচত বিগ বিয়ে আন এটা পোষ্ট শ্বেয়াৰ কৰে ৷ য’ত লিখা আছিল, ‘‘কণমানিৰ কৃতিত্বক লৈ মই গৌৰৱ আৰু সুখ অনুভৱ কৰিছো ।’ ইফালে বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আৰাধ্যা এগৰাকী ডাঙৰ অভিনেত্ৰী হ’ব পাৰিব বুলিও মন্তব্য কৰিছে ।

উল্লেখ্য যে, ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ এই অনুষ্ঠানত অমিতাভ বচ্চনৰ উপৰিও উপস্থিত আছিল পৰিয়াল সহ ছুপাৰষ্টাৰ শ্বাহৰুখ খান, ছবি নিৰ্মাতা কৰণ জোহৰ, অভিনেত্ৰী কৰীণা কাপুৰ আৰু বহু তাৰকা ৷

লগতে পঢ়ক:ফাইটাৰ মুক্তিৰ পূৰ্বে শ্ৰীভেংকটেশ্বৰ স্বামীৰ আশীৰ্বাদ বিচাৰি তিৰুমালাত উপস্থিত দীপিকা পাডুকন

ABOUT THE AUTHOR

...view details