চিটাৰা ডেস্ক, 16 নৱেম্বৰ : অভিনেতা অমিতাভ বচ্চনে বুধবাৰে নিজৰ পোহনীয়া কুকুৰটোক হেৰুৱাই এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে । চাৰি ঠেঙীয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক শ্বেয়াৰ কৰা বিগ বিয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত প্ৰিয় পোহনীয়া কুকুৰটোৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি মৃত্যুত শোক প্ৰকাশ কৰে ।
অভিনেতাজনে শ্বেয়াৰ কৰা ফটোখনত কেপছন দিয়ে এইদৰে,"হমাৰে এক চোতে সে দোস্ত, কাম কে ক্ষণ, ফিৰ য়ে বড়ে হোতে হে ঔৰ এক দিন চোড় কে চালে জাতে হে" ।
ফটোখনত 80 বছৰীয়া অভিনেতা গৰাকীয়ে নিজৰ লেব্ৰাডৰটোক কোলাত লৈ থকা দেখা গৈছিল (Amitabh Bachchan instagram) । ফটোখন শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে অনুৰাগীয়ে তেওঁক সান্ত্বনা জনায় । এজন অনুৰাগীয়ে মন্তব্য কৰিছে যে পোহনীয়া জন্তুবোৰ প্ৰেমৰ দৰেই বহুমূলীয়া । আন এজন অনুৰাগীয়ে লিখিছে, "আৰু তেওঁলোকে দিয়া প্ৰেমেই হৈছে প্ৰেমৰ আটাইতকৈ বিশুদ্ধ সংস্কৰণ" ৷