চিটাৰা ডেস্ক, 29 ডিচেম্বৰ : চেণ্ট্ৰেল ব'ৰ্ড অৱ্ ফিল্ম চাৰ্টিফিকেশ্যনে (CBFC) শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ আহিবলগীয়া ছবি পাঠানৰ নিৰ্মাতাসকলক ইয়াৰ গানকে ধৰি ছবিখনৰ কিছু দৃশ্যাংশ পৰিৱৰ্তন কৰিবলৈ আৰু সংশোধিত সংস্কৰণ দাখিল কৰিবলৈ পৰামৰ্শ দিছে, অধ্যক্ষ প্ৰসূন যোশীয়ে এইদৰে জানিবলৈ দিয়ে ।
চলচ্চিত্ৰখন শেহতীয়াকৈ প্ৰমাণপত্ৰৰ বাবে চিবিএফচি পৰীক্ষা সমিতিত উপস্থিত হৈছিল আৰু পৰিষদৰ নিৰ্দেশনা অনুসৰি উপযুক্ত আৰু পুংখানুপুংখ পৰীক্ষা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ গৈছিল । সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত পাঠান য'ত জন আব্ৰাহামেও অভিনয় কৰিছে, 2023 চনৰ 25 জানুৱাৰীত হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তিৰ বাবে সাজু হৈছে ছবিখন (Pathaan release date) ।
ছবিখনৰ প্ৰথমটো গীত Besharam Rang ত দীপিকা পাডুকনে পিন্ধা কমলা ৰঙৰ বিকিনিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে । চিবিএফচিৰ অধ্যক্ষ প্ৰসূন যোশীয়ে কয়, "চিবিএফচিৰ নিৰ্দেশনা অনুসৰি পাঠানে যথাযথ পৰীক্ষা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ গৈছিল । সমিতিখনে নিৰ্মাতাসকলক গানসহ চলচ্চিত্ৰখনত সলনি কৰিবলৈ পৰামৰ্শ দিয়া পৰিৱৰ্তনবোৰ কাৰ্যকৰী কৰি মুক্তিৰ আগতে সংশোধিত সংস্কৰণ দাখিল কৰিবলৈ নিৰ্দেশনা দিছে" (Pathaan controversy) ৷
যোশীয়ে কয় য "চিবিএফচিয়ে সদায় সৃষ্টিশীল প্ৰকাশ আৰু দৰ্শকৰ সংবেদনশীলতাৰ মাজত সঠিক ভাৰসাম্য বিচাৰি ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু বিশ্বাস কৰে যে আমি সকলো অংশীদাৰৰ মাজত অৰ্থপূৰ্ণ আলোচনাৰ জৰিয়তে সদায় সমাধান বিচাৰি উলিয়াব পাৰো" ৷