চিটাৰা ডেস্ক, 28 এপ্ৰিল:কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপে সন্মান লাভ কৰা বলীউড তাৰকাসকলৰ তালিকাত নাম সোমাল মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ নাম (Cannes Film Festival 2022) ৷ ৭৫ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ দায়িত্বত থাকিব দীপিকা ৷ বিশ্বব্যাপী আটাইতকৈ পুৰণি আৰু সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে পৰিচিত কান চলচ্চিত্ৰ মহোৎসৱত বছৰটোৰ কেইখনমান শ্ৰেষ্ঠ চলচ্চিত্ৰই তেওঁলোকৰ ৱৰ্ল্ড প্ৰিমিয়াৰৰ পৰিকল্পনা কৰিছে ।
ভাৰতীয় চলচ্চিত্ৰ আৰু প্ৰতিভাক সময়ে সময়ে বিভিন্ন মঞ্চত স্বীকৃতি দি অহা হৈছে ৷ শেহতীয়াকৈ বলীউডৰ শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনক ৭৫ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ দীপিকাৰ পূৰ্বে এই চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপে থকা বলীউডৰ তাৰকা কেইগৰাকীৰ বিষয়ে জানো আহক (Bollywood Stars at Cannes Film Festival)-
1.ঐশ্বৰ্য ৰায় বচ্চন
ঐশ্বৰ্য ৰায় বচ্চনে ২০০২ চনত শেখৰ কাপুৰৰ সৈতে তেওঁৰ ছবি 'দেৱদাস'ৰ বিশেষ প্ৰদৰ্শনৰ বাবে কান মহোৎসৱত আত্মপ্ৰকাশ কৰিছিল ৷ ২০০৩ চনত কান চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰা ঐশ্বৰ্য আছিল প্ৰথম ভাৰতীয় মহিলা অভিনেত্ৰী । তেতিয়াৰে পৰা ঐশ্বৰ্য কান মহোৎসৱৰ এগৰাকী নিয়মীয়া অংশগ্ৰহণকাৰী ৷
2.শৰ্মিলা ঠাকুৰ
এই প্ৰবীণ তাৰকাগৰাকী ২০০৯ চনত আন্তৰ্জাতিক প্ৰতিযোগিতাৰ অন্যতম জুৰী সদস্য আছিল । ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম দক্ষ অভিনেত্ৰী, সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত শৰ্মিলা ঠাকুৰ অভিনীত ছবি 'দেৱী' ১৯৬২ চনত ফিচাৰ ফিল্ম শ্ৰেণীৰ বাবে মনোনীত হৈছিল ।