অসম

assam

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 12:06 PM IST

ETV Bharat / entertainment

The Vaccine War: ‘দ্য ভেকচিন ৱাৰ’ প্ৰদৰ্শনীত অংশ গ্ৰহণ সুধা মূৰ্তিৰ; ভাৰতীয় হিচাপে গৌৰৱ কৰাৰ আহ্বান সকলোকে

সোমবাৰে কৰ্ণাটকৰ বেংগালুৰুত চলচ্চিত্ৰ নিৰ্মাতা বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে তেওঁৰ আগন্তুক ছবি দ্য ভেকচিন ৱাৰৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰে । মহামাৰীৰ সময়ত ভাৰতীয় বিজ্ঞানী আৰু চিকিৎসক সমাজৰ বিজয়ৰ ওপৰত আলোকপাত কৰা ছবিখনৰ প্ৰশংসা কৰে সুধা মূৰ্তিয়ে ।

'Be proud that you are Indian': Sudha Murthy heaps praise on The Vaccine War, Vivek Ranjan Agnihotri grateful - watch video
সুধা মূৰ্তিৰ ভাষণ ভেকচিন ৱাৰকলৈ

চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ: সোমবাৰে কৰ্ণাটকৰ বেংগালুৰুত চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ আগন্তুক ছবি দ্য ভেকচিন ৱাৰৰ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰে । এই প্ৰদৰ্শনী অনুষ্ঠানত উল্লেখযোগ্য অতিথিসকলৰ ভিতৰত উপস্থিত থাকে প্ৰখ্যাত সমাজকৰ্মী তথা ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক সুধা মূৰ্তি ৷ এই অনুষ্ঠানত উপস্থিত থাকি সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে সুধা মূৰ্তিয়ে ।

বিবেক অগ্নিহোত্ৰীয়ে ছবিখনৰ সন্দৰ্ভত সুধা মূৰ্তিৰ সৈতে আলোচনাত মিলিত হৈ থকা এখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি প্ৰদৰ্শনীত সুধা মূৰ্তি উপস্থিত থকাৰ বাবে আনন্দ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁ ফটোখনৰ কেপচনত লিখিছে, "#TheVaccineWar #ATrueStory প্ৰদৰ্শনত আপোনাৰ প্ৰেৰণাদায়ক কথাৰ বাবে ধন্যবাদ @smtsudhamurty ji।"

বিবেকে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত পদ্মভূষণ লাভ কৰা সুধা মূৰ্তিয়ে দ্য ভেকচিন ৱাৰৰ প্ৰশংসাত পঞ্চমুখৰ হোৱা দেখা গৈছে ৷ সুধা মূৰ্তিয়ে ক’লে, "সাধাৰণ মানুহে বুজি নাপাব COVAXIN কি ! কিন্তু এই চিনেমাখনে স্পষ্টকৈ দেখুৱাইছে ইয়াৰ প্ৰচেষ্টা । ই কেৱল সাধাৰণ কাম নহয় । ই বিজ্ঞানীসকলে কৰা নিস্বাৰ্থ কাম । তেওঁলোকে এই কামত নিজৰ সৰ্বোচ্চ সময় কটালে যাতে আমি সকলোৱে গণতান্ত্ৰিক ভাৰত তথা সুস্থ ভাৰত চাব পাৰো ।’’ ভাষণৰ সামৰণিত সুধা মূৰ্তিয়ে কয়, "নৈতিক, কঠোৰ পৰিশ্ৰমী হওক আৰু ভাৰতীয় বুলি গৌৰৱ কৰক, ইণ্ডিয়ান বুলি গৌৰৱ কৰক ।"

২০২৩ চনৰ ২৮ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া এই ভেকচিন ৱাৰ ছবিখনৰ মূল উদ্দেশ্য হৈছে, ক’ভিড-১৯ মহামাৰীৰ সময়ত অক্লান্তভাৱে কাম কৰি জীৱন ৰক্ষাকাৰী ভেকচিন প্ৰস্তুত কৰা নিষ্ঠাবান বিজ্ঞানী আৰু চিকিৎসকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা ।

ছবিখনৰ শিৰোনাম দ্য ভেকচিন ৱাৰে বিশ্ব স্বাস্থ্য সংকটৰ বিৰুদ্ধে চলি থকা প্ৰত্যাহ্বানমূলক যুদ্ধৰ ইংগিত দিয়ে আৰু ভেকচিন প্ৰস্তুত কৰাত চিকিৎসা সমাজে লোৱা জটিল ভূমিকাক আলোকপাত কৰে । ক’ভিড-১৯ৰ সময়ত ভাৰতৰ দৰে জনবহুল দেশৰ বাবে থলুৱা ভেকচিন উৎপাদনৰ এই কীৰ্তিচিহ্নস্বৰূপ কামৰ লগত জড়িত বৈজ্ঞানিক জটিলতাক দেখুওৱা হয় এই ছবিখনত ।

লগতে পঢ়ক:The Vaccine War Trailer: ভাৰতৰ প্ৰথমখন জৈৱ বিজ্ঞানৰ ছবি দ্য ভেকচিন ৱাৰৰ ট্ৰেইলাৰ মুকলি

ABOUT THE AUTHOR

...view details