চিটাৰা ডেস্ক, 20 জুন:প্ৰভাস, কৃতি সেনন আৰু ছৈফ আলী খানৰ অভিনীত ছবি ‘আদিপুৰুষ’ মুক্তিৰ পিছৰে পৰা সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত ৷ ছবিখনৰ সংলাপৰ বাবে ছবিখনৰ লেখক মনোজ মুন্টাশ্বিৰক দেশজুৰি সমালোচনা কৰা হৈছে ৷ এতিয়া এই সকলোবোৰৰ মাজতে মনোজে আন এক বিস্ফোৰক মন্তব্য কৰিছে ৷ যাৰ বাবে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ লেখকগৰাকীয়ে এনেকুৱা এটা মন্তব্য কৰিছে যিয়ে ৰাইজৰ আৱেগক আঘাত কৰিছে। দৰাচলতে মনোজে কৈছে যে হনুমান জী ভগৱান নহয় । মনোজৰ এই বক্তব্যৰ পিচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক লক্ষ্য কৰি লয় ৷
শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত মনোজে কৈছিল যে বজৰং বালি ভগৱান নহয়, তেওঁ এজন ভক্ত, আমি মানুহে তেওঁক পিচত ঈশ্বৰ বনালোঁ । মনোজৰ এই সাক্ষাৎকাৰটো অতি কম সময়তে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচতে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে মনোজ মুন্টাশ্বিৰ । ছ’চিয়েল মিডিয়াত সকলোৱে তেওঁক মনে মনে থাকিবলৈ পৰামৰ্শ দিয়ে ।
ইফালে সোমবাৰে হ্ৰাস পালে ছবিখনৰ উপাৰ্জন