চিটাৰা ডেস্ক, ২৪ এপ্ৰিল : জনপ্ৰিয় পাঞ্জাবী কণ্ঠশিল্পী বাদশ্বাহৰ এলবামৰ ‘সনাক’ গীতটিক লৈ শেহতীয়াকৈ সৃষ্টি হৈছিল বিতৰ্ক (Badshah new album sanak) ৷ এলবাম গীতটিত বাদশ্বাহে কিছু আপত্তিজনক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । এলবামটোত অশ্ৰাব্য কথা আৰু ভগৱান শিৱৰ নাম লৈ শিৱক অপমান কৰাৰ অভিযোগ (Badshah sanak controversy) ৷
এই সন্দৰ্ভত এতিয়া কণ্ঠশিল্পীগৰাকীয়ে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া (Badshah apologise) ৷ গীতটিৰ বাবে সোমবাৰে ক্ষমা খোজে ৰেপাৰ বাদশ্বাহে ৷ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি বাদশ্বাহে লিখিছে, "মোৰ দৃষ্টিগোচৰ হৈছে যে মোৰ শেহতীয়া মুক্তি পোৱা এটি গীত সনাক, কিছুমান মানুহৰ আৱেগকক আঘাত কৰা যেন লাগে । মই কেতিয়াও ইচ্ছাকৃতভাৱে বা অজানিতে কাৰো আৱেগক আঘাত নিদিওঁ । মই মোৰ শৈল্পিক সৃষ্টি আৰু সংগীত ৰচনাবোৰ আপোনালোকৰ ওচৰলৈ, মোৰ অনুৰাগীসকললৈ, অতি আন্তৰিকতা আৰু আবেগেৰে আনিছো।"
উল্লেখ্য যে, মধ্য প্ৰদেশৰ উজ্জয়ন জিলাত অৱস্থিত মহাকলেশ্বৰ মন্দিৰৰ এজন জ্যেষ্ঠ পুৰোহিতে গীতটোত অশ্লীল শব্দৰ লগতে ভগৱান শিৱ (ভোলানাথ)ৰ নাম ব্যৱহাৰ কৰাৰ বাবে বাদশ্বাহক তীব্ৰ সমালোচনা কৰিছিল (Slammed Badshah for using Lord Shiva name)। পুৰোহিত মহেশে শেহতীয়াকৈ বাদশ্বাহক গীতটিৰ পৰা ভগৱানৰ নাম আঁতৰাই ক্ষমা খুজিবলৈ সকীয়নি দিছিল । পুৰোহিতগৰাকীয়ে কৈছিল যে ৰেপাৰজনে যদি ক্ষমা নুখুজে তেন্তে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব । এই বিতৰ্কৰ মাজতে এতিয়া বাদশ্বাহে গীতটিৰ কিছু অংশ সলনি কৰাৰ সিদ্ধান্ত লৈছে ।