চিটাৰা ডেস্ক, ১৬ মাৰ্চ : বলীউডৰ প্ৰবীণ অভিনেতা সমীৰ খাখৰৰ দেহাৱসান (Sameer Khakhar passes away)। ৭১ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে । সমীৰ খাখৰৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছিল তেওঁৰ ভাতৃ গণেশে । ভাতৃ গণেশে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, শৰীৰৰ একাধিক অংগ বিকল হোৱাৰ বাবেই বুধবাৰে মৃত্যুক আকোৱালি লয় বৰ্ষীয়ান অভিনেতাগৰাকীয়ে (Veteran actor Sameer Khakhar) ৷
শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে মঙলবাৰে পুৱা খাখৰক উপনগৰ মুম্বাইৰ বৰিভালিৰ এম এম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । যদিও দুৰ্ভাগ্যবশতঃ বুধবাৰে মৃত্যু হয় অভিনেতাগৰাকীৰ ৷ বুধবাৰে পুৱা ১০.৩০ বজাত বৰিভালিৰ শ্মশানত অভিনেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় (Farzi actor Sameer Khakhar passed away) ৷ ইফালে এই দুৰ্ভাগ্যজনক খবৰ লাভ কৰাৰ পিচতে বলীউডত পৰিছে শোকৰ ছাঁ ৷ বলীউডৰ বহু কেইগৰাকী চেলিব্ৰিটিয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত প্ৰয়াত অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে (Celebs mourn demise of Sameer Khakhar) ।
অভিনেত্ৰী পৰিণীতি চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত সমীৰ খাখৰৰ এখন ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, "এজন লেজেণ্ড আৰু মোৰ প্ৰিয় সহ-অভিনেতা । আপোনাৰ প্ৰেম, প্ৰজ্ঞা আৰু হাস্যৰসে হাছি তোহ ফাচি আৰু মেৰী প্যাৰী বিন্দুক মোৰ আটাইতকৈ বিশেষ কৰি তুলিলে ৷ আপোনাৰ হাঁহি কেতিয়াও পাহৰিব নোৱাৰো । আপোনাৰ সৰল মুখৰ কৌতুক আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল জীৱনৰ অমূল্য পাঠ । বিদায় সমীৰ ছাৰ, আপোনাক কেতিয়াও পাহৰিব নোৱাৰিম ।"
অভিনেতা আয়ুষ্মান খুৰানাই ছ’চিয়েল মিডিয়াত প্ৰবীণ অভিমনেতাগৰাকীৰ ফটো শ্বেয়াৰ কৰি লিখিছে, "RIP #SmeerKhakhar JI।" পৰিচালক ৰাজ আৰু ডি কেয়ে এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি লিখিছে, "নুক্কাডৰ খোপডীয়ে আমাৰ ওপৰত সৰুতে বহুত প্ৰভাৱ পেলাইছিল ! তেওঁ সকলোতকৈ বেলেগ আছিল । তেওঁ মদ্যপান কৰিছিল, কিন্তু সদায় সঁচা কথা কৈছিল । তাৰ পিচত আমি তেওঁৰ সাক্ষাৎকাৰটো পঢ়িলোঁ, য’ত তেওঁ উল্লেখ কৰিছিল যে তেওঁ কেমেৰাৰ সন্মুখত ঘূৰি আহিবলৈ হাহাকাৰ কৰিছিল । সেয়া আমি তেওঁক #Farzi ত কেমিও কৰিবলৈ জপিয়াই পৰিলোঁ । প্ৰতিটো টেকৰ লগে লগে তেওঁ কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰিছিল ৷ এই অভিনেতাগৰাকীৰ সৈতে কাম কৰিব পৰাটো আমাৰ ভাগ্য আছিল ! তেওঁৰ আত্মাই শান্তি লাভ কৰক ! সদায় আমাৰ হৃদয়ত থাকিব সমীৰ খাখৰ।"