চিটাৰা ডেস্ক, ১৬ জানুৱাৰী:অহা ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠান ৷ এই ঐতিহাসিক ক্ষণত উপস্থিত থাকিব বহু ৰাজনৈতিক নেতাৰ লগতে বলীউডৰ বহু তাৰকা ৷ শেহতীয়াকৈ ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে অভিনেতা আয়ুষ্মান খুৰানাই ৷ অভিনেতাগৰাকীক ব্যক্তিগতভাৱে এই অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰদান কৰে মুম্বাই মহানগৰৰ সম্পাৰ্ক প্ৰমুখৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চি এ অজিত পেণ্ডছেই ।
অযোধ্যাত অনুষ্ঠিত হ’ব লগা ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ বাবে ইতিমধ্যেই অক্ষয় কুমাৰ, কংগনা ৰনৌত, টাইগাৰ শ্ৰফ, জেকী শ্ৰফ, হৰিহৰণ, ৰজনীকান্ত, অমিতাভ বচ্চন, ৰণবীৰ কাপুৰ, আলিয়া ভাট আৰু ৰণদ্বীপ হুড্ডাকে ধৰি আন কেইবাগৰাকীও চেলিব্ৰিটিয়ে আমন্ত্ৰণ লাভ কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে অযোধ্যাত শ্ৰীৰামৰ প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে বৈদিক ৰীতি-নীতি আৰম্ভ হ’ব মূল অনুষ্ঠানৰ এসপ্তাহ পূৰ্বে অৰ্থাৎ ১৬ জানুৱাৰীৰ পৰা । হয়, আজিৰে পৰা আৰম্ভ হ’ব প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে বৈদিক ৰীতি-নীতি ৷