চিটাৰা ডেস্ক, 26 নৱেম্বৰ : দেওবাৰে শ্বাহৰুখ খানৰ বাংলো মন্নতৰ বাহিৰত ৰৈ অনুৰাগীক সম্ভাষণ জনায় বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাই । অভিনেতাজন এছ আৰ কেৰ লাখ লাখ অনুৰাগীৰ ভিতৰত অন্যতম । মন্নতৰ বাহিৰত এইদৰে ৰৈ ফটো তোলা কাৰ্যই শ্বাহৰুখৰ অনুৰাগীক সকলক বাৰুকৈয়ে আপ্লুত কৰে ৷
ইনষ্টাগ্ৰামত আয়ুষ্মানে এখন ছবি শ্বেয়াৰ কৰে যাৰ কেপছনত তেওঁ লিখিছিল, "মন্নত সে গুজাৰ ৰাহা থা। তোহ এক মানাত মাংগ লি । #এনএক্সনহিৰ’ #2ডিচেম্বৰ #এছআৰকেয়ান" ৷ ছবিখনত ড্ৰীম গাৰ্লৰ অভিনেতা গৰাকীয়ে এছ আৰ কেৰ বাংলোৰ ফালে চাই থকা দেখা গৈছিল আৰু তেওঁৰ গাড়ীৰ চাৰিওফালে তেওঁৰ অনুৰাগীসকল গোট খাইছিল । আয়ুষ্মানৰ এই ছবিখন সাংঘাতিক মৰমলগা ।
অভিনেতাজনে ছবিখন শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে অনুৰাগীয়ে তেওঁক উপৰ্যুপৰি প্ৰশংসা কৰিবলৈ লয় । এজন অনুৰাগীয়ে মন্তব্য কৰে যে, “Srkians for life”, আন এজন অনুৰাগীয়ে লিখিছে, "লৱ্ ফ্ৰম SRK ফেন" ৷
শ্বাহৰুখৰ ব্যক্তিত্ব, সুন্দৰতা আৰু যুৱক-যুৱতীসকলৰ ওপৰত তেওঁ যি ধৰণৰ প্ৰভাৱ পেলাইছে, তেওঁৰ এই যাত্ৰা অতিশয় অনুপ্ৰাণিত বুলি খুৰানাই সদায় কৈ আহিছে । "তেওঁ মোৰ আইকন" বুলি এবাৰ এটা সাক্ষাৎকাৰত তেওঁ কৈছিল । সাক্ষাৎকাৰত তেওঁ কয়, "তেওঁ মোক জীৱনত প্ৰভাৱিত কৰিছে । শ্বাহৰুখ খানৰ বাবেই মই গণসংযোগৰ বিষয়ে অধ্যয়ন কৰিছিলো । মই অভিনেতা হ'ব বিচাৰিছিলো, পঢ়া-শুনাক গুৰুত্ব সহকাৰে লৈছিলো, তেওঁৰ বাবেই কলেজত শীৰ্ষস্থান দখল কৰিছিলো" ৷
আয়ুষ্মানে বৰ্তমান 2022 চনৰ 2 ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাবলগীয়া তেওঁৰ আগন্তুক থ্ৰিলাৰ ছবি এন এক্সন হিৰ’ৰ প্ৰচাৰত ব্যস্ত ৷ প্ৰচাৰৰ সময়ত দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে অভিনেতাজনে ।
অনিৰুদ্ধ আয়াৰৰ নেতৃত্বত নিৰ্মিত এই ছবিখনত জয়দীপ আহলাৱটেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ বালা অভিনেতা গৰাকীৰ কেৰিয়াৰৰ প্ৰথমখন এক্সনধৰ্মী ছবি । ইয়াৰ উপৰিও আগন্তুক কমেডী ছবি ড্ৰীম গাৰ্ল 2 ত অনন্যা পাণ্ডে, পৰেশ ৰাৱাল, ৰাজপাল যাদৱ আৰু বিজয় ৰাজৰ সৈতে দেখিবলৈ পোৱা যাব তেওঁক আৰু 2023 চনৰ জুন মাহত ৰূপালী পৰ্দাত মুক্তি পাব ছবিখন ।
লগতে পঢ়ক:Richa Chadha Galwan: ৰিছা চড্ডাক কটাক্ষ কৰাৰ বাবে অক্ষয় কুমাৰক গৰিহণা দিছে প্ৰকাশ ৰাজে