চিটাৰা ডেস্ক, 23 জানুৱাৰী : শেট্টীৰ ঘৰত আৰম্ভ হৈ গৈছে বিয়াৰ প্ৰস্তুতি ! আজি খাণ্ডালাত আথিয়া শেট্টী তেওঁৰ প্ৰেমিক কে এল ৰাহুলৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব ৷ এই বিয়াখনকলৈ যথেষ্ট উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ দম্পতীহালৰ সংগীত অনুষ্ঠানত কেইবাগৰাকীও চেলেব্ৰিটীয়ে অংশগ্ৰহণ কৰে ।
অৰ্জুন কাপুৰ তেওঁৰ ভগ্নী অংশুলা কাপুৰ আৰু বিখ্যাত ফেশ্বন ফটোগ্ৰাফাৰ ৰোহন শ্ৰেষ্ঠাৰ দৰে চেলেব্ৰিটীক আথিয়া আৰু ৰাহুলৰ সংগীত অনুষ্ঠানত অংশ লোৱা দেখা গৈছিল ৷ বিবাহ স্থলী নিৰ্মাণ কৰা হৈছে খাণ্ডলাত । এতিয়ালৈকে বিবাহ স্থলীৰ ভিতৰৰ কোনো ছবি অনলাইনত প্ৰকাশ পোৱা নাই কাৰণ প্ৰেমিক যুগলে ন’-ফোন নীতি বাছি লোৱা বুলি জানিব পৰা গৈছে ।
শুক্ৰবাৰে সন্ধিয়া সুনীল শেট্টীৰ খাণ্ডালাৰ ঘৰখন পোহৰেৰে জিলিকি উঠিছিল আৰু বহুতো অতিথিক পৰম্পৰাগত সাজ পিন্ধি নৃত্য কৰা দেখা গৈছিল ৷ সকলোৱে ৰাহুল আৰু আথিয়া যুগ্ম জীৱন উদযাপন কৰা দেখা গৈছিল । যদিও পাপাৰাজ্জীয়ে কইনা আৰু দৰাৰ ফটো সংগ্ৰহ কৰিব নোৱাৰিলে, কিন্তু পোহৰলৈ অহা ফটোবোৰ আনন্দদায়ক আৰু নিশ্চিত কৰিব পাৰি যে সঁচাকৈয়ে এখন বিয়া হৈ আছে । ক্ৰিকেটাৰ কে এল ৰাহুল বা আথিয়া শেট্টীয়ে কোনেও অৱশ্যে তেওঁলোকৰ বিবাহৰ খবৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাছিল ।
সুনীল শেট্টীয়ে দেওবাৰে তেওঁৰ ফাৰ্মহাউচৰ বাহিৰত ৰৈ থকা পাপাৰাজ্জীৰ সৈতে বাৰ্তালাপ কৰিছিল আৰু তেওঁলোকক এটা প্ৰতিশ্ৰুতি দিছিল । যেতিয়া পাপাৰাজ্জীয়ে ধড়কন অভিনেতাজনক অভিনন্দন জনাই তেতিয়া তেওঁ তেওঁলোকৰ সৈতে সৰুকৈ বাৰ্তালাপ কৰে আৰু প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ তেওঁৰ সন্তান - আথিয়া আৰু ৰাহুলক আনুষ্ঠানিক ছবিৰ বাবে গোটেই পৰিয়ালৰ সৈতে লৈ আহিব । তেওঁ কয়, "মে কাল লেকে আতা হুঁ বাচ্চো কো " ৷ অভিনেতাজনে লগতে কয়, "আপনে যো প্যাৰ দিখায়া উচ্কে লিয়ে বহত বহত থেংক ইউ" ৷
এইটোৱেই আছিল পৰিয়ালৰ পৰা বিয়াৰ প্ৰথম আনুষ্ঠানিক নিশ্চিতকৰণ । খাণ্ডলাৰ শেট্টী ফাৰ্ম হাউচত এই বিয়াখন হ’ব বুলি অনুমান কৰা হৈছে আৰু খবৰ অনুসৰি এই বিয়াখন এক অন্তৰংগ অনুষ্ঠান হিচাপেহে সম্পন্ন হ’ব । কে এল ৰাহুল আৰু আথিয়াৰ প্ৰেমৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু অভিনেত্ৰীগৰাকীক ক্ৰিকেটাৰগৰাকীৰ সৈতে টিম ইণ্ডিয়াৰ কেইবাখনত দেখা গৈছিল । বলীউডৰ অভিনেতা সুনীল শেট্টীৰ কন্যা আথিয়া ।
বিগত বছৰটোত ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে নিজৰ লেডীলাভক জন্মদিনৰ শুভেচ্ছা জনাই আথিয়া আৰু নিজৰ এখন মৰমলগা ফটো ছ’চিয়েল মিডিয়া পোষ্ট কৰি এই সম্পৰ্কৰ আনুষ্ঠানিক ঘোষণা কৰিছিল ।
লগতে পঢ়ক :Athiya Shetty birthday: জানক ক’ত কেনেকৈ আৰম্ভ হৈছিল আথিয়া-ৰাহুলৰ প্ৰেম কাহিনী