চিটাৰা ডেস্ক, 31 জানুৱাৰী : বলীউডৰ জনপ্ৰিয় অভিনেতা সুনীল শেট্টীৰ কন্যা আথিয়া শেট্টী ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে ৷ দীৰ্ঘদিন ধৰি ইজনে সিজনক ডেট কৰাৰ পিছত 23 জানুৱাৰীত আথিয়া আৰু কে এল ৰাহুলে যুগ্ম জীৱনৰ পাতনি মেলে । বিবাহৰ এসপ্তাহৰ অন্তত প্ৰথমবাৰৰ বাবে ৰেষ্টুৰেণ্টৰ বাহিৰত একেলগে দেখা গ’ল আথিয়া আৰু কে এল ৰাহুলক ৷ দুয়োৰে মুখত বৈবাহিক জীৱনৰ সুখ স্পষ্টকৈ ওলাই পৰিছে ৷ এই ফটোবোৰ এতিয়া ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আথিয়া শেট্টী আৰু কে এল ৰাহুল বিয়াৰ পিছত ডিনাৰ ডেটত ওলাই গৈছিল ৷ বান্দ্ৰাৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত নৱ-দম্পতীক দেখা গৈছিল । আথিয়া আৰু কে এল ৰাহুলক কেজুৱেল ড্ৰেছত দেখা গৈছিল ৷ পাপাৰাজ্জীয়ে কেমেৰাত বন্দী কৰে দুই তাৰকাকে । ডিনাৰৰ সময়ত আথিয়াই পিন্ধিছিল অভাৰচাইজড ফুলাং চাৰ্ট আৰু এটা ডেনিম পেণ্ট ৷ ড্ৰেছটোৰ সৈতে সোণালী ৰঙৰ কাণফুলি পিন্ধি সামান্য পৰিমাণৰ মেকআপ কৰিছিল অভিনেত্ৰী গৰাকীয়ে । আথিয়াৰ হাতত মেহেন্দীৰ গাঢ় ৰং দেখা পোৱা গৈছে ।