চতিয়া, 9 ফেব্ৰুৱাৰী: অসমৰ মনোৰঞ্জন জগতলৈ সুখবৰ ৷ কলকতাত অনুষ্ঠিত হ’বলগীয়া Screen project film competition ৰ বাবে মনোনীত হৈছে এখন চুটি ছবি ৷ জামুগুৰিহাটৰ ধলাইবিলৰ বিশিষ্ট অভিনেতা তথা পৰিচালক শিশিৰ বৰঠাকুৰৰ আকাশ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা চুটি ছবি Dustbin এ কঢ়িয়াই আনিছে এই কৃতিত্ব (Short film Dustbin director) ৷ বৰঠাকুৰৰ পৰিচালনাত ডাষ্টবিন,তীখৰ আৰু চুটিবাই, বুঢ়া বুঢ়ি আৰু শিয়ালে ইতিমধ্যে আন্তৰ্জাতিক চুটি ছবি মহোৎসৱত বহু কেইটা বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷
তীখৰ আৰু চুটিবাইয়ে 6 টা কৈ বঁটা লাভ কৰি জামুগুৰিহাটৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে তীখৰ আৰু চুটিবাই ৷ অলপতে অনুষ্ঠিত হোৱা আন্তৰ্জাতিক চুটি ছবি মহোৎসৱ Sangur international film festival তো শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিনেমেটো’গ্ৰাফাৰ, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হয় এই চুটি ছবিখনে । ইয়াৰ উপৰিও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অন্য এটা জনপ্ৰিয় গল্প বুঢ়া বুঢ়ী আৰু শিয়ালেও আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হয় ।