শদিয়া, 6 মে’:অসমৰ চলচ্চিত্ৰ জগতলৈ এটি সুখবৰ ৷ সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে এখন অসমীয়া ছবি (Assamese film goes to cannes film festival) ৷ খবৰটো বিয়পি পৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ চলচ্চিত্ৰ প্ৰেমী দৰ্শক সকল ৷
তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈল খাদত সংঘটিত হোৱা অগ্নিকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ ৷ অসমৰ ইতিহাসত এই ঘটনা এক কলা অধ্যায় হিচাবে চিহ্নিত হৈ ৰ’ব ৷ এই ভয়ংকৰ তথা শোকাৱহ ঘটনাৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে এখন ছবি ৷ ৰজত কমল বঁটা প্ৰাপক তিনিচুকীয়া জিলাৰ কাকপথাৰ টঙনাৰ যুৱক জয়চেং জয় দহোতীয়াই নিৰ্মাণ কৰি উলিয়াইছে ‘বাঘজান’ শীৰ্ষক এখন ছবি ৷
Assamese film goes to cannes: কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া ছবি ‘বাঘজান’
ভাৰতৰ চৰকাৰী সংস্থা NFDC (National Film Development Corporation)য়ে এই ছবিখন নিৰ্বাচন কৰিছে কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ (Baghjan selected to be featured in Cannes Film Festival) ৷ জয়চেং জয় দহোতীয়াৰ প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মিত হৈছে উক্ত বাঘজান চলচিত্ৰখন ৷ বাঘজানৰ লগতে ভাৰতৰ আৰু চাৰিখন ছবি নিৰ্বাচিত হৈছে কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ ৷
উল্লেখ্য যে, ১৭ মে’ ৰ পৰা ২৮ মে’ৰ লৈকে ফ্ৰান্সৰ পেৰিচত অনুষ্ঠিত হ’ব এই কাঁ চলচিত্ৰ মহোৎসৱ ( Cannes film festival 2022) ৷ অসম সন্তান জয়চেং জয় দহোতীয়াই পূৰ্বেও ৰজত কমল বঁটাকে ধৰি কেইবাখনো চলচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হৈছে ৷ কাঁ মহোৎসৱত ছবিখন প্ৰদৰ্শনৰ বাবে অহা যোৱাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰক আহ্বান জনালে বাঘজানৰ পৰিচালক গৰাকীয়ে ৷
লগতে পঢ়ক:উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে আহি আছে আয়ুষ্মান খুৰানাৰ 'অনেক'