অসম

assam

ETV Bharat / entertainment

Mamatar sithi: 'মমতাৰ চিঠি'ৰ প্ৰদৰ্শনী বাতিলৰ সিদ্ধান্ত নিৰ্মাতাৰ, আঁৰত আছে দুটা ডাঙৰ কাৰণ - নিৰ্মল দাস

যোৱা ৬ অক্টোবৰত মুক্তি পোৱা অসমীয়া ছবি 'মমতাৰ চিঠি'ৰ প্ৰদৰ্শন বন্ধৰ সিদ্ধান্ত। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্ত ঘোষণা কৰে পৰিচালক নিৰ্মল দাসে।

Assamese film Mamatar sithi's director Nirmal Das decided to cancel screening of film from today, Know the reason behind
অসমীয়া ছবি মমতাৰ চিঠিৰ প্ৰদৰ্শন বন্ধৰ সিদ্ধান্ত

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 5:16 PM IST

অসমীয়া ছবি মমতাৰ চিঠিৰ প্ৰদৰ্শন বন্ধৰ সিদ্ধান্ত

গুৱাহাটী, 12 অক্টোবৰ: যোৱা 6 অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিছিল 'মমতাৰ চিঠি' ছবিখনে ৷ কিন্তু ছবিখনৰ মুক্তিৰ মাত্ৰ ছয় দিনৰ ভিতৰতে ছবিখনক লৈ আহিছে এটা ডাঙৰ খবৰ ৷ দৰাচলতে আজিৰে পৰা 'মমতাৰ চিঠি' ছবিখনৰ প্ৰদৰ্শনী বন্ধৰ সিদ্ধান্ত লোৱা হৈছে । এই সিদ্ধান্ত লৈছে ছবিখনৰ প্ৰযোজক দেৱাদীব দাস আৰু পৰিচালক নির্মল দাসে ।

কি কাৰণে এই সিদ্ধান্ত লৈছে নিৰ্মাতাই ?

আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তৰ ঘোষণা কৰে পৰিচালক নিৰ্মল দাসে । এই সম্পৰ্কে পৰিচালক নিৰ্মল দাসে মন্তব্য কৰি কয়,‘‘ছবিখন দুটা কাৰণত আমি প্ৰদৰ্শনী বন্ধ কৰিব লগীয়া হৈছে । তাৰে ভিতৰত এটা কাৰণ হৈছে ৰাজ্যজুৰি ৩০ ছেপ্টেম্বৰত যি পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল, সেই পৰীক্ষাসমূহ ১০ অক্টোবৰত চৰকাৰে পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰীক্ষা আৰম্ভ হোৱা হেতুকে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ আহ্বানৰ প্ৰতি গুৰুত্ব প্ৰদান ছবিখনৰ প্ৰদৰ্শনী বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।’’

পৰিচালকগৰাকীয়ে লগতে কয়,‘‘তদুপৰি অসমত এতিয়া অসমীয়া ছবিৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা হৈছে অসমীয়া ছবিয়ে প্ৰাইম টাইম লাভ নকৰে । প্ৰাইম টাইমত প্ৰদৰ্শন নকৰাৰ বাবে বিভিন্ন চৰকাৰী কৰ্মচাৰী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী তথা ব্যৱসায়ীসকলৰ বাবে চলচ্চিত্ৰখন উপভোগ কৰাত জটিলতাই দেখা দিছে । এই কাৰণ দুটাৰ বাবে বৃহস্পতিবাৰৰ পৰা ছবিখনৰ প্ৰদৰ্শনী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ’’

আনহাতে অনাগত দিনত ছবিখন পুনৰ মুক্তি দিয়াৰ চিন্তা-চৰ্চা কৰা হৈছে বুলি জনাই পৰিচালক নিৰ্মল দাসে । লগতে হঠাৎ ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰিবলগীয়া হোৱাত দৰ্শক ৰাইজৰ ওচৰত ক্ষমা প্ৰার্থনা জনাই ছবিখনৰ প্ৰযোজক-পৰিচালকে ।

উল্লেখ্য যে হেম বৰুৱাৰ হৃদয়স্পৰ্শী কবিতা 'মমতাৰ চিঠি' কবিতাটোৰ আলমত নিৰ্মাণ কৰা হৈছিল ছবিখন । 'মুখা'ৰ বেনাৰত পৰিচালক নিৰ্মল দাসে নিৰ্মাণ কৰিছে 'মমতাৰ চিঠি' ছবিখন । যোৱা ৬ অক্টোবৰত অসমৰ ৩২ টাকৈ ছবিগৃহত মুক্তি লাভ কৰিছিল ছবিখনে ।

লগতে পঢ়ক:Mamatar Sithi released in theatres: ছবিগৃহত মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত নতুন অসমীয়া ছবি মমতাৰ চিঠি

ABOUT THE AUTHOR

...view details