গুৱাহাটী, ১ জুলাই :এই কেইদিন জানমণিৰ বৰ খং উঠিছে ৷ জানমণিৰ দুখ লাগিছে ৷ সামাজিক মাধ্যমে জানমণিক বৰ আমনি দিছে ৷ হয়, জানমণি মানে আমি অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ কথাকে কৈছো ৷ আইনৰ কাষ চাপিছে জানমণি খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা ৷ সামাজিক মাধ্যম যোগে এই বিষয়ে ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে ৷
তিনিটা ফেচবুক পেজৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে শ্যামন্তিকা । এই তিনিওটা পেজৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ তুলিছে তেওঁ ৷ অৱশ্যে পেজ কেইটাত কি আছে বা কি ধৰণে পেজ কেইটাই মানসিক নিৰ্যাতন চলাইছে সেয়া শ্যামন্তিকাৰ এফবি পোষ্টটোত স্পষ্টকৈ উল্লেখ নাই ।
শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত শ্যামন্তিকাৰ ব্যক্তিগত জীৱনক লৈ ব্যাপক ৰূপত চৰ্চা চলিছে ৷ এটা মাধ্যমত শ্যামন্তিকা শৰ্মাই অলপতে তেওঁৰ বিবাহ অসফল হোৱাৰ কথা নিজ মুখে সদৰী কৰিছিল । কলকাতাৰ এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল তেওঁ । তাৰ পিছতে এসময়ত জানমণিৰূপে সকলোৰে নয়নৰ মণি হৈ পৰা অভিনেত্ৰীগৰাকী পুনৰ এবাৰ চৰ্চালৈ আহে ৷
ফেচবুকত ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে এটা ৱেব পৰ্টেল আৰু তিনিটা ফেচবুক পেজে তেওঁৰ সন্দৰ্ভত ভুৱা তথ্য প্ৰচাৰ কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ লগতে এই তিনিটা পেজে তেওঁক যি ধৰণে মানসিকভাৱে আঘাত কৰিছে তেওঁলোক কেতিয়াও সুস্থ মানসিকতাৰ ব্যক্তি হ'ব নোৱাৰে বুলি তেওঁ কয় । ইয়াৰ উপৰিও ভৱিষ্যতে যাতে তেওঁৰ বিষয়ে নজনাকে বা নেদেখাকে ভুৱা বাতৰি সামাজিক মাধ্যমত প্ৰচাৰ নকৰিবলৈ তেওঁ সকীয়াই দিয়ে ৷