চিটাৰা ডেস্ক, 7 জুলাই: অসমৰ এগৰাকী জনপ্ৰিয় যুৱ অভিনেতা, নাট্যকৰ্মী তথা পৰিচালক বিজয় শংকৰ শইকীয়াই বৃহস্পতিবাৰে ইহলীলা সম্বৰণ কৰে । বৃহস্পতিবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা তথা পৰিচালকগৰাকীয়ে ।
উল্লেখ্য যে, বিজয় শংকৰ শইকীয়া দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল । জানিব পৰা মতে, মত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৯ বছৰ । প্ৰয়াত বিজয় শংকৰ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সদস্যৰ লগতে এগৰাকী নিয়মীয়া নাট্যকৰ্মীও আছিল । খুহুতীয়া অভিনয়েৰে তেওঁ সকলোকে আমোদ দি আহিছিল ৷ মঞ্চ, দূৰদৰ্শন আৰু বোলছবি জগতৰ চিনাকী মুখ হৈ পৰা বিজয় শংকৰৰ মৃত্যুত তেজপুৰৰ লগতে সমগ্ৰ অসমৰ সাংস্কৃতিক জগতখনত এক শোকৰ ছাঁ পৰিছে ।
শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিহুৱা, বিহুৱতীক আনুষ্ঠানিকভাৱে গীনিজ ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা অনুষ্ঠান বিজয় শংকৰ শইকীয়াই পৰিচালনা কৰাৰ লগতে নিজেও অভিনয় কৰি জগতখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল । তেওঁ টেলিভিচনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল ৷ উল্লেখ্য যে, আজি মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ পিছত বিজয়ৰ মৃতদেহ তেওঁ ঘৰলৈ নিয়া হ’ব লগতে আজি বিয়লি তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ।