চিটাৰা ডেস্ক, 9 মে’ :আদা শৰ্মাকৰ অভিনীত ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনক লৈ শেহতীয়াকৈ দেশজুৰি সৃষ্টি কৰি ব্যাপক প্ৰতিক্ৰিয়া ৷ ইতিমধ্যেই ছবিখন কৰবাত যদি নিষিদ্ধ কৰা হৈছে, আন কৰবাত আকৌ ছবিখনক কৰমুক্ত কৰা হৈছে ৷ মুঠৰ ওপৰত ছবিখনক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷
শেহতীয়াকৈ ছবিখনক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া (Himanta Biswa Sarma on The Kerala Story) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেবিনেট মন্ত্ৰী আৰু পৰিয়ালৰ সৈতে তেওঁ বিতৰ্কিত ছবি দ্য কেৰালা ষ্টৰী চাবলৈ যাব ছবিগৃহত । 11 মে’ত ছবিগৃহত সপৰিয়ালে ছবিখন চাব মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma react on The Kerala Story) ।
সোমবাৰে দিছপুৰ জনতা ভৱনত আয়োজিত সংবাদমেল হিমন্ত বিশ্ব শৰ্মাই কয়, “মই মোৰ কেবিনেটৰ সহকৰ্মী আৰু পৰিয়ালৰ সদস্যৰ সৈতে অহা 11 মে’ত ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখন চাবলৈ ওলাইছো । কিন্তু ছবিখনৰ প্ৰচাৰৰ মোৰ কোনো উদ্দেশ্য নাই ৷ অৱশ্যে মই কেৱল মই ছবিখনহে চাবলৈ যাম । মোৰ লগত আৰু কোনে কোনে যোগদান কৰিব নাজানো ৷ কিন্তু মই জানো যে উক্ত তাৰিখত মই ছবিখন চাব যাম’’ ৷
মধ্য প্ৰদেশৰ পিচত উত্তৰ প্ৰদেশৰ কৰমুক্ত কৰা হৈছে ‘দ্য কেৰালা ষ্টৰী’