চিটাৰা ডেস্ক, 13 ডিচেম্বৰ : শ্বাহৰুখ খানে বিগত তিনিটা দশক ধৰি বলীউডত শাসন কৰি আহিছে । এতিয়া প্ৰতিদিনে বাতৰিত তেওঁৰ লগতে তেওঁৰ সন্তানৰ কথাও আলোচনালৈ আহে ৷ শ্বাহৰুখৰ পুত্ৰ আৰিয়ান আৰু কন্যা সুহানা খানো বলীউডত ভৰি দিবলৈ ওলাইছে । শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে তেওঁৰ প্ৰথমটো বলীউড প্ৰজেক্টৰ কাম ইতিমধ্যে শেষ কৰিছে । আৰিয়ানে এই কথা 6 ডিচেম্বৰত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ।
এখন চিত্ৰনাট্য শ্বেয়াৰ কৰি বলীউডত প্ৰৱেশৰ কথা ঘোষণা কৰিছিল আৰিয়ানে । এতিয়া আৰিয়ান খানৰ বিষয়ে আহিছে আন এক ডাঙৰ খবৰ ৷ সুৰাৰ ব্যৱসায় কৰিবলৈ ওলাইছে আৰিয়ান আৰু ভাৰতত Vodka ব্ৰেণ্ড মুকলি কৰাৰ পৰিকল্পনা কৰিছে । আৰিয়ান খানে এটা সুৰা কোম্পানীৰ সৈতে হাত মিলাইছে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি 25 বছৰীয়া আৰিয়ান খানে এতিয়া ভাৰতত এটা প্ৰিমিয়াম Vodka ব্ৰেণ্ড মুকলি কৰাৰ পৰিকল্পনা কৰিছে । তেওঁৰ ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে এই কামটো কৰিবলৈ আগবাঢ়িছে । ইয়াৰ বাবে আৰিয়ান খান আৰু তেওঁৰ অংশীদাৰসকলে বিশ্বৰ সৰ্ববৃহৎ সুৰা নিৰ্মাণ কোম্পানীৰ সৈতে হাত মিলাইছে ।