চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ :চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক তথা টিভি ধাৰাবাহিক পৰিচালক একতা কাপুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ ৱাৰেণ্ট জাৰি কৰা হৈছে । একতা কাপুৰৰ বিৰুদ্ধে বিহাৰৰ বেগুচৰায়ৰ এখন আদালতত গোচৰ ৰুজু কৰা হৈছে (arrest warrant issued against ekta kapoor) । একতাৰ লগতে তেওঁৰ মাতৃ শোভা কাপুৰৰ নামতো গ্ৰেপ্তাৰৰ ৱাৰেণ্ট জাৰি কৰা হৈছে ।
শম্ভু কুমাৰ নামৰ এজন প্ৰাক্তন সেনা জোৱানে একতা আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে এটা ৱেব চিৰিজ ট্ৰিপল এক্স (চিজন ২)ক কেন্দ্ৰ কৰি গোচৰ ৰুজু কৰিছে ৷ সেনা জোৱানজনে জোৱানসকলক অপমান কৰা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ অনুভূতিক আঘাত কৰাৰ বাবে এই অভিযোগ দাখিল কৰিছে । আৱেদনখনত, আবেদনকাৰীয়ে অভিযোগ কৰিছে যে এজন জোৱানৰ পত্নীক লৈ ৱেব চিৰিজটোত আপত্তিজনক দৃশ্য দেখুওৱা হৈছে । বেগুচৰায় আদালতে পূৰ্বে একতা কাপুৰ আৰু তেওঁৰ মাতৃক জাননী জাৰি কৰি তেওঁলোকক আদালতত হাজিৰ হ'বলৈ কৈছিল ।
উল্লেখযোগ্য যে বিতৰ্কৰ উদ্ভৱ হোৱাৰ পিছত চিৰিজটোৰ পৰা কিছু আপত্তিজনক দৃশ্য আঁতৰোৱা হৈছিল কিন্তু মাক-জীয়েক দুয়ো আদালতত হাজিৰ হোৱা নাছিল । 2020 চনত ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল ।