চিটাৰা ডেস্ক, 26 নৱেম্বৰ : বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপালৰ আজি 50 বছৰীয়া জন্মদিন (Arjun Rampal Birthday) ৷ ৰামপাল সদায় তেওঁৰ সুঠাম শৰীৰটোকলৈ চৰ্চাত থাকে ৷ অৰ্জুনে মডেলিং কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ প্ৰাপ্ত তথ্য মতে, মডেলিং কৰাৰ দিনতেই পৰিচালকৰ চকুত পৰিছিল অৰ্জুন ৷ তাৰ পিছতেই লাভ কৰে ছবিৰ অফাৰ ৷
অৰ্জুনে বহু ছবিত অভিনয় কৰি দৰ্শকক মনোৰঞ্জন প্ৰদান কৰিছে ৷ তাৰ মাজতে কিছু ছবিয়ে বক্স অফিচত ভাল প্ৰদৰ্শন কৰাৰ বিপৰীতে আন কিছুমান হৈছিল ফ্লপ ৷ এই অভিনেতাজনে কিন্তু ছবিৰ সমান্তৰালকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেও প্ৰায়ে বাতৰিৰ শিৰোনামা দখল কৰি ৰাখিছিল ৷ নানা ধৰণৰ বিতৰ্কত তেওঁৰ নাম সাঙোৰ খাই আছে ৷
শ্বাহৰুখ-ৰণবীৰৰ সৈতে কাজিয়াৰ পৰা আৰম্ভ কৰি হৃত্বিক ৰোশনৰ প্ৰাক্তন পত্নীৰ সৈতে লিংকআপৰ বাতৰিলৈকে অৰ্জুন মানুহৰ দৃষ্টি গোচৰ হৈছিল ৷ ৰা ৱান ছবিখনৰ সময়ত অৰ্জুন আৰু শ্বাহৰুখৰ মাজত মতভেদ হৈছিল বুলি জানিব পৰা যায় ৷ দৰাচলতে ৰা ৱান ছবিখনৰ পৰা কেইবাটাও দৃশ্য আঁতৰাই পেলোৱা হৈছিল, যাৰ বাবে অৰ্জুনে কাজিয়া কৰিছিল শ্বাহৰুখৰ সৈতে ৷ আনকি ৰণবীৰ কাপুৰৰ লগতো ৰয় ছবিখনৰ সময়ত অৰ্জুনৰ মতানৈক্য ঘটিছিল ৷ ছবিখনত অৰ্জুন এটা কেমিঅ’ চৰিত্ৰতহে আছিল, কিন্তু ছবিখনৰ ট্ৰেইলাৰ আৰু প্ৰমোচনৰ সময়ত তেওঁক মুখ্য তাৰকা হিচাপে উপস্থাপন কৰা হৈছিল, তাতেই অসন্তুষ্ট হৈ পৰিছিল অৰ্জুন ৷