অসম

assam

By

Published : Mar 3, 2023, 10:34 PM IST

ETV Bharat / entertainment

Arjun Kapoor : অৰ্জুন কাপুৰে প্ৰেমিকা মালাইকাৰ সৈতে উদযাপন কৰিলে ভাবী শাহুৰ জন্মদিন

প্ৰেমিকা মালাইকা অৰোৰাৰ মাতৃ জয়ছ অৰোৰাৰ ৭০ সংখ্যক জন্মদিন উদযাপনত দেখা গ’ল বলীউডৰ অভিনেতা অৰ্জুন কাপুৰক (Malaika Aroras mother birthday)। জন্মদিন উদযাপনত উপস্থিত আছিল বলীউডৰ বহু চেলিব্ৰিটি ।

Malaikas mother birthday celebration
শাহুৱেকৰ জন্মদিন উদযাপন কৰিলে জোঁৱাই অৰ্জুন কাপুৰে

চিটাৰা, 3 মাৰ্চ: ২ মাৰ্চত বলীউডৰ ডিভা মালাইকা অৰোৰাই মাতৃ জয়ছ অৰোৰাৰ ৭০ সংখ্যক জন্মদিন উদযাপন কৰে (Malaikas mother birthday celebration) । মাতৃৰ এই বিশেষ দিনটোত মাতৃৰ বাবে বিশেষ আয়োজন কৰিছিল মালাইকাই ৷ মালাইকাই বন্ধু-বান্ধৱ আৰু ঘনিষ্ঠ লোকৰ সৈতে অতি ধুমধামেৰে মাকৰ জন্মদিন উদযাপন কৰে । জন্মদিন উদযাপনৰ এই বিশেষ ক্ষণত মালাইকাই প্ৰেমিক অৰ্জুন কাপুৰকো নিমন্ত্ৰণ কৰিছিল পাৰ্টিত (Arjun Kapoor joins Malaikas mother birthday celebration) ।

শাহুৱেকৰ জন্মদিন উদযাপন কৰিলে জোঁৱাই অৰ্জুন কাপুৰে

মালাইকাই মাতৃৰ জন্মদিন উদযাপনৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোকেইখনত অৰ্জুন আৰু মালাইকাক একেলগে থিয় হৈ থকা দেখা পোৱা গৈছে । ইফালে বলীউডৰ বহু চেলিব্ৰিটিও উপস্থিত আছিল এই পাৰ্টিত ৷ য’ত দেখা পোৱা গৈছিল কৰীণা কাপুৰ খান আৰু স্বামী ছেইফ আলী খানক ।

শাহুৱেকৰ জন্মদিন উদযাপন কৰিলে জোঁৱাই অৰ্জুন কাপুৰে

ফটোকেইখনত দেখা গৈছে যে অৰোৰা ভগ্নীহঁতে অতি উৎসুকতাৰ মাতৃৰ জন্মদিন উদযাপন কৰিছে ৷ দুয়োগৰাকী ভগ্নীয়ে এটা সুন্দৰ পাৰ্টিৰ পৰিৱেশ সৃষ্টি কৰিছিল ৷ যদিও এই পাৰ্টিৰ মুখ্য আকৰ্ষণ হৈ পৰিছিল মালাইকা আৰু অৰ্জুন ৷ কাৰণ মালাইকা আৰু অৰ্জুন কাপুৰক এই পাৰ্টিত একেলগে দেখা পোৱা গৈছিল ৷ অৰ্জুন কাপুৰে নিজৰ হ’বলগীয়া শাহুৱেকৰ জন্মদিন উপভোগ কৰি থকা দেখা পোৱা গৈছে।

শাহুৱেকৰ জন্মদিন উদযাপন কৰিলে জোঁৱাই অৰ্জুন কাপুৰে

মালাইকাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোবোৰৰ পৰা বুজিব পাৰি যে অৰোৰা ভগ্নীয়ে মাতৃৰ জন্মদিন অতি সুন্দৰভাৱে উদযাপন কৰিছে ৷ এনেদৰে মাতৃৰ জন্মদিন উদযাপন কৰাৰ পৰা আন এটা কথা বুজিব পাৰি যে প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে মালাইকা অতি সুখী আৰু অৰ্জুন-মালাইকাই হয়তো এই বিশেষ উদযাপনৰ পৰিকল্পনা কৰিছে ।

অৰ্জুন-মলাইকাৰ বিবাহৰ চৰ্চা

মালাইকাই মাতৃক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি আটক ধুনীয়া ফটো শ্বেয়াৰ কৰিছে ৷ একে সময়তে বহু চেলিব্ৰিটিয়েও মালাইকাৰ মাকক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছিল । এতিয়া সকলোৰে মুখত কেৱল এটাই প্ৰশ্ন অৰ্জুন আৰু মালাইকা বিবাহপাশত কেতিয়া আৱদ্ধ হ’ব ? সেয়া এতিয়া অৰ্জুন আৰু মালাইকাই হে ক’ব পাৰিব (Arjun Kapoor And Malaika Arora) ৷

লগতে পঢ়ক:Deepika Padukone Oscars 2023 : অস্কাৰত অংশগ্ৰহণ কৰিব দীপিকাই, স্বামী ৰণবীৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details