অসম

assam

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:36 AM IST

ETV Bharat / entertainment

Ind vs Pak: ভাৰত বনাম পাকিস্তানৰ পূৰ্বে ক্ৰিকেট প্ৰেমীৰ উৎসাহ দুগুণ বৃদ্ধি কৰিব অৰিজিৎ সিঙৰ সংগীতানুষ্ঠানে

ভাৰত বনাম পাকিস্তান বিশ্বকাপৰ খেলখনলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে ক্ৰিকেট প্ৰেমীসকলে । এই খেলখনৰ পূৰ্বে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অৰিজিত সিং, শংকৰ মহাদেৱন আৰু সুখৱিন্দৰ সিঙে নিজৰ যাদুকৰী কণ্ঠৰে মনোবল বৃদ্ধি কৰিব খেলুৱৈসকলৰ ৷

Arijit Singh will perform at Ahmedabad's Modi stadium before India-Pakistan Cricket World Cup match
ভাৰত বনাম পাকিস্তান ক্ৰিকেট বিশ্বকাপ ২০২৩

চিটাৰা ডেস্ক, 13 অক্টোবৰ: ছবিয়েই হওক বা বাস্তৱ জীৱনৰ কোনো বিশেষ উৎসৱেই হওক, বেছিভাগ বিশেষ মুহূৰ্তত প্ৰয়োজন হয় সংগীতৰ । সংগীতে সকলোৰে মাজত বৃদ্ধি কৰে উৎসাহ ৷ বিশেষকৈ বিশ্বকাপত ভাৰত-পাকিস্তানৰ দৰে বিশেষ মুহূৰ্তত সংগীতৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায় । সংগীতৰ কথা আহিলে কণ্ঠশিল্পী অৰিজিৎ সিঙৰ কথা কেনেকৈ নো নাহিব, অৰিজিতৰ সুমধুৰ কণ্ঠত মন্ত্ৰমুগ্ধ হৈ পৰে অনুৰাগী । গতিকে ক্ৰিকেট প্ৰেমীসকল সাজু হওক, কাৰণ এইবাৰ ভাৰত বনাম পাকিস্তানৰ মেচখনৰ আৰম্ভ হোৱাৰ পূৰ্বে অৰিজিত সিঙে নিজৰ সংগীতেৰে সকলোৰে মনোবল বৃদ্ধি কৰিবলৈ আহিব ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক্স (পূৰ্বৰ টুইটাৰ)ত ঘোষণা কৰিছে যে ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰি-মেচৰ শ্ব’ৰ সময়ত অৰিজিত সিং, শংকৰ মহাদেৱন আৰু সুখৱিন্দৰ সিঙে সংগীত পৰিৱেশন কৰিব । পোষ্টটোত লিখা আছিল, ‘‘এক বিশেষ প্ৰদৰ্শনেৰে আৰম্ভ হ’ব INDvsPAK ৰ প্ৰতিযোগিতা । বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট খেলপথাৰ - নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অৰিজিৎ সিঙৰ মন্ত্ৰমুগ্ধ কৰা বিশেষ মিউজিকেলৰ বাবে সাজু হওক । ১৪ অক্টোবৰৰ দুপৰীয়া ১২:৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰি-মেচ শ্ব’ত যোগদান কৰক ।’’

আন এটা পোষ্টত শংকৰ মহাদেৱনৰ বিষয়ে তথ্য দি বিচিচিআইয়ে লিখিছে, ‘‘আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ডাঙৰ খেলখনৰ পূৰ্বে শংকৰ মহাদেৱনক লাইভত চাওক । ১৪ অক্টোবৰত দিনৰ ১২:৩০ বজাৰ পৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট খেলপথাৰত প্ৰি-মেচ শ্ব’ৰ অভিজ্ঞতা লাভ কৰক ।’’ একেদৰে বিচিচিআইয়ে পাঞ্জাবী কণ্ঠশিল্পী সুখৱিন্দৰ সিঙৰ প্ৰি-মেচৰ বিষয়েও তথ্য দিছে ।

ক্ৰিকেটত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতা বিশ্বৰ অন্যতম প্ৰতিদ্বন্দ্বিতা হিচাপে গণ্য কৰা হয় আৰু দুয়োখন দেশৰ মাজত অনুষ্ঠিত হোৱা মেচসমূহে বিশ্বব্যাপী সৰ্বাধিক দৰ্শক লাভ কৰে । ইফালে একেৰাহে দুখন মেচত জয়ী হোৱা ভাৰতে শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে ।

অনুৰাগীয়ে আশা কৰিছে যে ‘মেন ইন ব্লু’ৰ মেগাষ্টাৰ বিৰাট কোহলী, অধিনায়ক ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, কে এল ৰাহুল আৰু মহম্মদ চিৰাজে নিজৰ দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখি ৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে দেশৰ জয়ৰ ধাৰা অব্যাহত ৰাখিব ।

লগতে পঢ়ক:Kohli-Haq banter : পুৰণি শত্ৰুতা পাহৰি বিশ্বকাপত ভাতৃত্ববোধৰ নিদৰ্শন কোহলী আৰু নবীন উল হকৰ

ABOUT THE AUTHOR

...view details