চিটাৰা ডেস্ক, 1 এপ্ৰিল:এপ্ৰিল ফুলৰ দিনটোত বহুতো নোহোৱা নোপোজা কাণ্ড কৰি বন্ধুৱে বন্ধুক মূৰ্খ সজাই ৰং চাই ৷ এনে ধৰণৰ ধেমালিৰেই সজীৱ হৈ থাকে জীৱন ৷ ধেমালিৰ মূহুৰ্তবোৰ উপভোগ কৰি আজৰি পৰত বৃদ্ধকালত সেইসমূহ ৰোমন্থন কৰিয়েই হাঁহি বিৰিঙি পৰে মুখত ৷ এপ্ৰিল ফুল ডে’ ৰ কাহিনীও ঠিক তেনেকুৱাই (April fools day) ৷ আজি আপোনালোকক জনাম বলীউডৰ সেইকেইজন অভিনেতাৰ বিষয়ে যিয়ে এপ্ৰিল ফুল ডে’ ত বাৰুকৈয়ে মূৰ্খ সজাই সকলোকে হহুৱাইছিল ৷
শ্বাহৰুখ খান-
'কাল হো না হো' চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়ত শ্বাহৰুখ খান আৰু চেইফ আলী খানে ছবিখনৰ দলটোৰ সৈতে মিলি এজন ক্ৰু মেম্বাৰক মূৰ্খ সজাইছিল ৷ ছবিখনৰ গোটেই টীমটো তেওঁলোকৰ সৈতে মিলি আছিল ৷ কিবা কথাত খং উঠা যেন দেখুৱাই শ্বাহৰুখে এফালৰ পৰা সকলোকে গালি পাৰিছিল আৰু শেষত সেই বিশেষ সদস্যজনক তেওঁৰ মুখখন ওলমি নোযোৱালৈকে গালি পাৰিছিল ৷ বহু সময়ৰ পিছতহে তেওঁ গম পাইছিল এইয়া ধেমালি বুলি ৷
আমিৰ খান
মূৰ্খ সজোৱাত আমিৰ খান পাকৈত ৷ এবাৰ এগৰাকী সহ অভিনেত্ৰীৰ হাত চাব জানে বুলি কৈ আমিৰে বুৰ্বক বনাইছিল ৷ অভিনেত্ৰী গৰাকী মান্তি হৈ তেওঁলৈ আগবঢ়াই দিয়া হাতত থু পেলাই লৰ দিছিল আমিৰ ৷
ছলমান খান
বিগবছত ছলমানে প্ৰতিযোগী সকলক কিমান মুৰ্খ সজাই সেইয়া দৰ্শকে দেখিছেই ৷ মূৰ্খ সজোৱাৰ তেওঁৰ এই প্ৰথা সকলো দৰ্শকে পছন্দ কৰে ৷