অসম

assam

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 4:13 PM IST

ETV Bharat / entertainment

Anushka Sharma: দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হ’বলৈ ওলাইছে নেকি অনুষ্কা শৰ্মা ? সম্পূৰ্ণ খবৰ পঢ়ক

দুবছৰ পূৰ্বে বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ক্ৰিকেটাৰ বিৰাট কোহলীৰ পিতৃ-মাতৃ হৈছিল ভামিকা কোহলী ৷ এতিয়া খবৰ আহিছে যে অনুষ্কা পুনৰ গৰ্ভৱতী হৈছে ৷ অনুমান কৰা হৈছে যে অভিনেত্ৰীগৰাকীয়ে অতি সোনকালে দ্বিতীয় সন্তান জন্ম দিবলৈ ওলাইছে ৷ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

Anushka Sharma, Virat Kohli expecting second child? Actor's absence from limelight adds to the chatter
দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হ’বলৈ ওলাইছে নেকি অনুষ্কা শৰ্মা ? সম্পূৰ্ণ খবৰ পঢ়ক

চিটাৰা ডেস্ক, 30 ছেপ্টেম্বৰ: অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী হৈছে বি-টাউনৰ প্ৰভাৱশালী দম্পতী ৷ দীৰ্ঘদিন ধৰি ইজনে সিজনৰ লগত ডেটিং কৰাৰ পিছত ২০১৭ চনত অতি আড়ম্বৰেৰে বিবাহপাশত আবদ্ধ হয় এই দম্পতীহালে ৷ বিবাহৰ চাৰি বছৰৰ অন্তত ভামিকা কোহলী নামৰ এগৰাকী কন্যা সন্তানক আদৰণি জনায় দম্পতীহালে ৷ এতিয়া খবৰ আহিছে যে অনুষ্কা আৰু বিৰাটে অতি সোনকালে দ্বিতীয় সন্তানক আদৰিবলৈ ওলাইছে ৷

অনুষ্কা শৰ্মা গৰ্ভৱতী নেকি ?

হয়, এক প্ৰতিবেদন অনুসৰি অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হ’বলৈ গৈ আছে ৷ অনুষ্কাই দ্বিতীয়টো গৰ্ভধাৰণ উপভোগ কৰি আছে ৷ যদি বাতৰি বিশ্বাস কৰিব লাগে তেন্তে অনুষ্কা শৰ্মা বৰ্তমান দ্বিতীয় ত্ৰৈমাসিকত আছে ৷ বিশ্বাস কৰা হৈছে যে যোৱাবাৰৰ দৰে এইবাৰো তেওঁ গৰ্ভাৱস্থাৰ শেষ পৰ্যায়ত অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিব ৷

অনুষ্কা শৰ্মাৰ গৰ্ভধাৰণৰ উৰাবাতৰিও বিয়পি পৰিছে কাৰণ কিছুদিনৰ পূৰ্বে অভিনেত্ৰীগৰাকীক স্বামী বিৰাট কোহলীৰ সৈতে মুম্বাইৰ এখন প্ৰসূতি চিকিৎসালয়ত দেখা গৈছিল ৷ কোৱা হৈছে যে সেই সময়ত অনুষ্কা আৰু বিৰাটে পাপাৰাজীক ছবি আৰু ভিডিঅ’ পোষ্ট নকৰিবলৈ অনুৰোধ কৰিছিল ৷ কেৱল এয়াই নহয়, অনুষ্কা শৰ্মাও যোৱা কেইদিনমানৰ পৰা সংবাদ মাধ্যমৰ লাইমলাইটৰ পৰা আঁতৰি আছে ৷

দম্পতীয়ে কন্যাক লাইমলাইটৰ পৰা আঁতৰাই ৰাখে

অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ২০২১ চনৰ জানুৱাৰী মাহত কন্যা ভামিকা কোহলীক আদৰণি জনাইছিল ৷ প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হ’বলৈ পাই দুয়োজনেই বৰ সুখী হৈছিল ৷ অৱশ্যে কন্যাক লাইমলাইটৰ পৰা আঁতৰাই ৰাখে দম্পতীহালে ৷ দম্পতীহালৰ কন্যাৰ বয়স এতিয়া ডেৰ-দুবছৰ, কিন্তু এতিয়ালৈকে দুয়োজনে নিজৰ কন্যাৰ মুখখন দেখুৱাব বিচৰা নাই ৷

ইফালে, পাঁচ বছৰৰ মূৰত ‘চাকদা এক্সপ্ৰেছ’ ছবিৰে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে অনুষ্কা শৰ্মাই ৷ এই ছবিখনত তেওঁক দেখা যাব ভাৰতীয় ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ চৰিত্ৰত ৷

লগতে পঢ়ক:Mission Raniganj: 'ক্লাষ্ট্ৰ'ফ'বিয়াৰ যন্ত্ৰণাৰ মাজেৰে পাৰ হৈছো...' শ্বুটিঙৰ অভিজ্ঞতা ব্যক্ত কৰি কি ক’লে ৰবি কিষানে ?

ABOUT THE AUTHOR

...view details