অসম

assam

ETV Bharat / entertainment

Diwali 2023: দীপাৱলীৰ পাৰ্টীত উৰ্ণাৰে বেবী বাম্প লুকুৱাবলৈ চেষ্টা অনুষ্কা শৰ্মাৰ, চাওক ভিডিঅ’ - Anushka Sharma Viral Video

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অনুষ্কা শৰ্মাৰ এটি ভিডিঅ’। য’ত অভিনেত্ৰীগৰাকীক নিজৰ বেবী বাম্প লুকুৱাবলৈ চেষ্টা কৰা দেখা গৈছে ।

Anushka Sharma tries to cover baby bump as she joins hubby Virat Kohli for Team India's diwali bash
অনুষ্কা শৰ্মাৰ বেবী বাম্প ভিডিঅ’

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 4:12 PM IST

চিটাৰা ডেস্ক, 12 নৱেম্বৰ: বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাই দ্বিতীয়বাৰৰ গৰ্ভধাৰণ কৰাৰ বাবে যোৱা কিছুদিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । অৱশ্যে দুয়োগৰাকীয়ে এই খবৰ এতিয়াও নিশ্চিত কৰা নাই । কিন্তু এতিয়া অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । য’ত অভিনেত্ৰীগৰাকীক উৰ্ণাৰে নিজৰ বেবী বাম্প লুকুৱাবলৈ চেষ্টা কৰা দেখা গৈছে ।

দীপাৱলী পাৰ্টীত নিজৰ বেবী বাম্প লুকুৱাবলৈ চেষ্টা অনুষ্কাৰ

আচলতে দেওবাৰে নিশা অনুষ্কা শৰ্মাই স্বামী বিৰাট কোহলীৰ সৈতে ভাৰতীয় ক্ৰিকেট দলৰ দীপাৱলী পাৰ্টীত অংশ লৈছিল । য’ত অভিনেত্ৰীগৰাকীয়ে গোলাপী আৰু বেঙুনীয়া ৰঙৰ শ্বেড ছুট পৰিধান কৰি আহিছিল । ইয়াৰ এটা ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । য’ত অনুষ্কা আৰু বিৰাটক দীপাৱলী পাৰ্টীৰ বাবে হোটেলৰ ভিতৰলৈ গৈ থকা দেখা গৈছে । এই সময়চোৱাত অনুষ্কা শৰ্মাই উৰ্ণাৰে নিজৰ বেবী বাম্পটো লুকুৱাবলৈ চেষ্টা কৰা দেখা গৈছে । কিন্তু অনুৰাগীৰ চকুৰ পৰা সাৰি যাব নোৱাৰিলে অভিনেত্ৰীগৰাকী ।

ভাইৰেল ভিডিঅ’টোত ব্যৱহাৰকাৰীয়ে কৰিলে এনে মন্তব্য

এই ভিডিঅ’টো এতিয়া দ্ৰুতগতিত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । ভিডিঅ’টো চাই ব্যৱহাৰকাৰীসকলেও বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে । ভিডিঅ’টোৰ ওপৰত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে - ‘অনুষ্কা ২.০ বা বিৰাট ২.০ আহি আছে ৷’ আন এজনে লিখিছে ‘‘অনুষ্কা আৰু বিৰাটলৈ অভিনন্দন ৷’’

অৱশ্যে ইয়াৰ পূৰ্বেও অনুষ্কাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল । য’ত অভিনেত্ৰীগৰাকীক ঢিলা পোছাক পৰিধান কৰা দেখা গৈছিল । কিন্তু অভিনেত্ৰীগৰাকীৰ বেবী বাম্পটো স্পষ্টকৈ দেখা গৈছিল । উল্লেখ্য যে, অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ বিবাহ হৈছিল ২০১৭ চনত । বিয়াৰ পিচত ২০২১ চনত এই দম্পতীৰ মাজলৈ আহিছিল এগৰাকী কন্যা সন্তান বামিকা ৷ এতিয়া খবৰ অনুসৰি অতি সোনকালেই তেওঁলোকৰ ঘৰলৈ আহিব পাৰে আন এটি কণমানি অতিথি।

লগতে পঢ়ক:Anushka Sharma Pregnancy: ভাইৰেল ভিডিঅ’ই নিশ্চিত কৰিছে অনুষ্কাৰ দ্বিতীয়বাৰ গৰ্ভধাৰণৰ খবৰ !

ABOUT THE AUTHOR

...view details