চিটাৰা ডেস্ক, 31 জানুৱাৰী : ক্ৰিকেটাৰ স্বামী বিৰাট কোহলীৰ সৈতে উত্তৰাখণ্ডৰ ঋষিকেশ ভ্ৰমণ কৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলাৰ পূর্বে তীর্থভ্রমণ কৰিবলৈ গৈছে অনুষ্কা আৰু বিৰাটে । বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী 2023 ৰ পূৰ্বে বিৰাট আৰু অনুষ্কাই ঋষিকেশলৈ আধ্যাত্মিক ভ্ৰমণ কৰিবলৈ গৈছে ।
ঋষিকেশস্থিত স্বামী দয়ানন্দ গিৰি আশ্ৰম ভ্ৰমণ কৰে দম্পতীহালে । আশ্ৰম ভ্ৰমণৰ পৰা দম্পতীহালৰ কেইবাখনো ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Anushka Sharma Virat Kohli latest pics) । ভাইৰেল ছবিসমূহত বিৰাট আৰু অনুষ্কাক আশ্ৰমত পূজা কৰি থকা দেখা গৈছে । আশ্ৰমত আন ভক্তসকলকৰ সৈতে চেলফি তোলাৰ অনুৰোধ ৰক্ষা কৰি বিৰাটে তেওঁলোককো উপকৃত কৰিলে ।
এতিয়ালৈকে প্ৰাপ্ত খবৰ অনুসৰি বিৰাট আৰু অনুষ্কাই আশ্ৰমত ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানতো অংশ গ্ৰহণ কৰিব আৰু তাৰ পিছত ভাণ্ডাৰাৰ আয়োজন কৰিব (Anushka Sharma latest news) । কন্যা ভামিকাৰ সৈতে বৃন্দাবনৰ এখন আশ্ৰম ভ্ৰমণ কৰি আশীৰ্বাদ লোৱাৰ পিছত বিৰাট আৰু অনুষ্কাই ঋষিকেশ ভ্ৰমণ কৰি আছে ।